Spread the love

অইল ইণ্ডিয়া পূৰ্বাঞ্চলীয় সম্পদৰ উদ্যোগত ডিগবৈত ৰঙালী বিহু সন্মিলন।

 

ডিগবৈ মুলিয়াবাৰীস্থিত পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত (বিহুতলী) আজি দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে অইল ইণ্ডিয়াৰ ষষ্ঠ বাৰ্ষিক ৰঙালী বিহু সন্মিলন।

🔴ৰাতিপুৱা বিহু সন্মিলনৰ পতাকা উত্তোলন কৰি কাৰ্য্যসূচী শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি পৰশ ঠাকুৰে। স্মৃতি তৰ্পণ কৰে মুখ্য উপদেষ্টা ৰাহুল দাস আৰু উপ-সভাপতি দেৱাশিষ চক্ৰৱৰ্তীয়ে।ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত অইল কৰ্মচাৰী ৰঞ্জিত শইকীয়াই।

🔴বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হোৱা বিহুতলীৰ পৰা তিনিটা হাতী, গায়ন-বায়ন, দিহানাম, বিহু,ঝুমুই নৃত্য, নেপালী নৃত্য আদিৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা ডিগবৈ পৰিভ্ৰমণ কৰি পুনৰ বিহুতলীত সমবেত হৈ নিজ নিজ দলৰ সাংস্কৃতিক কাৰ্য্যসূচী প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *