Spread the love

অগ্নিগৰ্ভা মণিপুৰ এৰি কাছাৰত ধাপলি মেলিছে মণিপুৰৰ বাসিন্দা সকলে

 

 

অগ্নিগৰ্ভা মণিপুৰ এৰি কাছাৰত ধাপলি মেলিছে মণিপুৰৰ বাসিন্দা সকলে ৷ অসম মণিপুৰ সীমান্তৰ কাছাৰৰ জিৰিঘাট হৈ প্ৰবেশ শ শ মণিপুৰীৰ । মণিপুৰৰ শৰণাৰ্থীৰ বাবে এইবাৰ কাছাৰত না থাকিব আশ্ৰয় শিবিৰ ব্যবস্থা ।

গোষ্ঠী সংঘৰ্ষত পুনৰ উত্তপ্ত হৈ আছে চুবুৰীয়া মণিপুৰ ৰাজ্য । মণিপুৰৰ জিৰিবাম জিলাত পুনৰ আৰম্ভ হৈছে মৈতাই আৰু কুকিৰ সংঘৰ্ষ । যোৱা তিনি দিন ধৰি দুই গোষ্ঠীৰ সংঘৰ্ষত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে অসমৰ সীমান্তত থকা মণিপুৰৰ জিৰিবামত ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলাখনত ১৪৪ ধাৰা জাৰি কৰি ৰখা হৈছে যদিও ইয়াৰ মাজতে মৈতাই আৰু কুকি য়ে জ্বলাই ইজনে সিজনৰ ঘৰ । ১৪৪ ধাৰা চলি থকা সময়তো গুলীয়াগুলী, বোমাবাজি অগ্নিসংযোগ সকলো অব্যাহত জিৰিবামত । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা জোৱান মোতায়েন কৰা হৈছে যদিও এক উত্তপ্ত পৰিস্থিতিয়ে বৰ্তমান বিৰাজ কৰিছে মণিপুৰত ।

ইপিনে অসম-মণিপুৰ সীমান্তত থকা মণিপুৰৰ জিৰিবাম জিলা উত্তপ্ত হোৱাৰ ফলত আতংকত জিলাখন এৰি শ শ মণিপুৰৰ বাসিন্দা সকল এতিয়া প্ৰবেশ কৰিছে কাছাৰত । নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ বাবে পৰিয়াল পৰিজন লৈ এতিয়া সীমান্ত দি কাছাৰত প্ৰবেশ কৰিছে আতংকিত মণিপুৰৰ বাসিন্দা সকল । যোৱা কেইমাহ পূৰ্বে এদৰে গোষ্ঠী সংঘৰ্ষৰ পাছত কাছাৰত আহি আশ্ৰয় লৈ হাজাৰ হাজাৰ মণিপুৰৰ বাসিন্দা সকলে । যোৱাবাৰ মণিপুৰৰ শৰণাৰ্থী লোক সকলৰ বাবে কাছাৰ আশ্ৰয় শিবিৰৰ ব্যবস্থা কৰি দিছিল কাছাৰ জিলা প্ৰশাসনে । পিছে এইবাৰ এই সুযোগ নহব । এইবাৰ মণিপুৰৰ শৰণাৰ্থী সকলৰ বাবে কাছাৰত না থাকিব কোনো আশ্ৰয় শিবিৰ এই কথা জনালে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই । তেওঁ কয় আশ্ৰয় শিবিৰ নহয় নিজৰ আত্মীয়স্বজনৰ ঘৰত আশ্ৰয় লব পাৰিব মণিপুৰৰ কৰা অহা লোক সকলে ।

আনহাতে সীমান্তত থকা মণিপুৰৰ জিৰিবাম জিলাৰ গোষ্ঠী সংঘৰ্ষই যাতে কাছাৰত কোনো প্ৰভাৱ না পেলায় তাৰবাবে যথেষ্ট তৎপৰ হৈ আছে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা । প্ৰতিদিনেই নিজেই দলবল লৈ সীমান্তত অঞ্চলত টহল দিছে কাছাৰৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *