Spread the love

অময়াপুৰ তৰুণ সংঘৰ উদ্যোগত অষ্টাদশ বিদায় বসন্ত উৎসৱ।

তামুলপুৰ ২০ মে।

অসমীয়াৰ হেঁপাহৰ ব’হাগ শেষ হ’ল যদিও ম্লান পৰা নাই ব’হাগৰ আনন্দ উল্লাস। তামুলপুৰ জিলা অন্তৰ্গত অময়াপুৰ অৰুণ সংঘৰ উদ্যোগত ২৬ মে তাৰিখে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অষ্টাদশ বিদায় বসন্ত উৎসৱৰ উৎযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। ইতিমধ্যে উৎপল হৰ্ষবৰ্দ্ধনক সভাপতি আৰু ফণিধৰ ৰাজবংশীক সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত অময়াপুৰ তৰুণ সংঘৰ পতাকা উত্তোলন কৰিব অময়াপুৰ তৰুণ সংঘৰ সভাপতি সত্যনাৰণ দাসে। পুৱা ৮-১০ বজাত বসন্ত বিদায় উৎসৱৰ পতাকা উত্তোলন কৰিব উৎযাপন সমিতিৰ সভাপতি উৎপল হৰ্ষবৰ্দ্ধনে। সমান্তৰালকৈ ১৭ খন পতাকা উত্তোলন কৰিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। পুৱা ৮-৩০ বজাত স্মৃতি তৰ্পণ কৰিব তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অবিনাশ কলিতা, অময়াপুৰ তৰুণ সংঘৰ সম্পাদক দীপাংকৰ তালুকদাৰ, অময়াপুৰ মজলীয়া বিদ্যালয়ৰ সহঃ শিক্ষক জিতেন দাস আৰু প্ৰাক্তন আৰু নেতা মনোজ ডেকাই। পুৱা ৯ বজাত গছপুলি ৰোপণ। পুৱা ৯-৩০ বজাত জ্যেষ্ঠ ব্যক্তিক শ্ৰদ্ধা প্ৰদান। পুৱা ১০ বজাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা। উপস্থিত থাকিব তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত বাসুদেৱ দাস, যুৱ সাহিত্য একাডেমী বটা প্ৰাপক দ্বিজেন কুমাৰ দাস, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ডুলুজিৎ দাস আৰু যুৱ কবি অম্লানজ্যোতি দেউৰী। পুৱা ১১ বজাত চিত্ৰাংকন প্ৰতিযোগিতাত। দিনৰ ১ বজাত কুইজ প্ৰতিযোগিতা। দিনৰ ২ বজাত একক বিহু নৃত্য প্ৰতিযোগিতা। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন। সন্ধিয়া ৬ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন আৰু সম্বৰ্ধনা অনুষ্ঠান। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃণালিনী দেৱীয়ে। উপস্থিত থাকিব তামুলপুৰ জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, বিটিআৰৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, দৰঙ্গাজুলি সমষ্টিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰী, প্ৰাক্তন ই এম দেবেন বড়োৰ লগতে কেইবা গৰাকীও বিশিষ্ট ব্যক্তি। নিশা ৯ বজাত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী অৰুন্ধতী ভানুপ্ৰিয়া, হৃষিকেশ শৰ্মা , মনোজ কাশ্যপ আৰু বেদান্ত দাসৰ সংগীতানুষ্ঠান। বিদায় বসন্ত উৎসৱৰ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে বসন্ত উৎসৱ উৎযাপন সমিতিৰ বিষয়ববীয়াই।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *