Spread the love

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি দৰং – ওদালগুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নাগ্ৰীজুলীত প্ৰচাৰ সভাত অংশগ্ৰহন কৰিব।

ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শাসক বিৰোধী সকলোৱে পূৰ্ণোদ্যমে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে দৰং-ওদালগুৰি লোকসভা সমষ্টিত NDA মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ বিজেপি, অগপ আৰু ইউপিপিএল দলে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাই। তদুপলক্ষে কাইলৈ ২৩ মাৰ্চ মঙলবাৰে তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত দৰং-ওদালগুৰিৰ প্ৰাৰ্থী গৰাকীৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী গৰাকীৰ আগমণকলৈ বিজেপি, অগপ আৰু ইউপিপিএলৰ দলীয় নেতা কৰ্মী সকলে যুদ্ধংদেহি প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। প্ৰায় ৩০,০০০ লোক সমবেত হবলগীয়া উক্ত নিৰ্বাচনী সভাখনত হেলিকপ্টাৰেৰে আহিব মুখ্যমন্ত্ৰী গৰাকী। প্ৰথমতে নাগ্ৰীজুলি চাহ বাগিছাত হেলিকপ্টাৰেৰে আহি অস্থায়ী হেলিপেডত অৱতৰণ কৰিব মুখ্যমন্ত্ৰী গৰাকী। আৰু ইয়াৰ পৰাই খাটৰবাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনী সভালৈ পদযাত্ৰা কৰি গৈ সম্বোধন কৰিব ৰাইজক। ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীৰ আগমনক লৈ নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা হৈছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *