Spread the love

[ad_1]

মায়ং ঃশীত আগমনৰ লগে লগে অসমৰ বিভিন্ন নৈ, বিল,খাল জলাশয় বোৰত জাক জাক আলহী পক্ষী ৰ আগমন হয়।পৰিভ্ৰমী পক্ষীৰ কল কাকলিৰে মুখৰিত হৈ থাকে মৰিগাঁও জিলাৰো বিভিন্ন অঞ্চল।সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা দূৰ দিগন্ত ভ্ৰমী জিলা খনৰ মায়ং পবিতৰা অঞ্চলটো হাজাৰ হাজাৰ আলহী পক্ষীৰ মুক্ত বিচৰণ দেখা পোৱা যায়।

মায়ঙৰ তেনে দুটামান গুৰুত্বপূৰ্ণ অঞ্চল হ’ল ব্ৰহ্মপুত্ৰ,পকৰিয়া, মুৰকটা,হাতীভাঙি আৰু ,পবিতৰাৰ তামুলীডোভা, হাডুক আদি জলাশয় কেইটা। প্ৰতি বছৰে এই ঠাই বোৰত নিৰাপদ বুলি ভাবি ঠাহ খাই পৰে। পিছে এচাম অসাধু চোৰাং চিকাৰীৰ লোলুপ দৃষ্টি পৰে ৰং বিৰঙৰ আলহী পক্ষী বোৰৰ ওপৰত। ডাউক, কণা মুচৰি, দৈ কলা,আজান,শামুক খোলা,চাকৈ চকোৱা,ধৃতৰাজ,নেজাল হাহ,বৰমুখী হাহ,বৰখৰালী, খন্টি হাহ ধৰি বিভিন্ন প্ৰজাতিৰ জলচৰ পৰিভ্ৰমী পক্ষী বোৰ অসাধু চক্ৰই জাল পাতি,বৰশী দি বা বিভিন্ন কায়দাৰে বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ নিধন কৰি এখন ৰমৰমীয়া ব্যৱসায় চলাই থাকে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *