Spread the love

ভাৰত-ভূটান সীমান্তৰ বগামাটিত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য।

 

*অৱশেষত উদ্ধাৰ হ’ল গোৰেশ্বৰৰ পৰা নিৰুদ্দিষ্ট বিতোপন ৰাজবংশীৰ মৃতদেহ।*

__________________________________

ডিমাকুছি—–

 

ভাৰত-ভূটান সীমান্তৰ বগামাটিত উদ্ধাৰ গোৰেশ্বৰৰ বিতোপন ৰাজবংশীৰ মৃতদেহ । আজি দিনৰ ভাগত বগামাটিৰ পৰা পূব দিশত বৰনদী অভয়াৰণ্যৰ মাজত এটা মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যই বিৰাজ কৰিছে । যোৱা ২০ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছিল গোৰেশ্বৰৰ শিঙিমাৰী গাওঁৰ মেধাৱী ছাত্ৰ বিতোপন ৰাজবংশী । ৰঙিয়া বিএড মহাবিদ্যলয়ত অধ্যয়ন কৰি থকা বিতোপন ৰাজবংশী ২০ মে’ত পুৱা ঘৰৰ পৰা কলেজলৈ বুলি ওলাই গৈছিল। কিন্তু উক্ত দিনাখন ৰঙিয়া বিএড মাহিদ্যালয়লৈ যোৱা নাছিল বিতোপন । নিজৰ দুচকীয়া বাহন খন লৈ বগামাটিলৈ গৈছিল ছাত্ৰজন । গোৰেশ্বৰ আৰু মহৰিপাৰাত পৰীক্ষা কৰা চিচি টিভিৰ ভিজুৱেলৰ পৰা জানিব পৰা গৈছিল যে উক্ত দিনা প্ৰায় ৯.২২ বজাত গোৰেশ্বৰ মহৰিপাৰা হৈ অকলে বগামাটিলৈ গৈছিল । আনহাতে বিতোপনৰ মোবাইলৰ লোকেশ্বন গুৱাবাৰী আৰু দুচকীয়া বাহনখন বগামাটিত উদ্ধাৰ হৈছিল । কিন্তু আৰক্ষীয়েও কোনো শুংসূত্ৰ পোৱা নাছিল ছাত্ৰ জনৰ । আনহাতে প্ৰাথমিক তদন্তত কিছু দিনৰ পৰা বিতোপন হতাশাগ্ৰস্থ হৈ থকাৰ তথ্য লাভ কৰা হৈছিল।

 

তাৰ পৰৱৰ্তী সময়ত তেওঁ পিতৃ শিঙিমাৰী হাইস্কুলক সহ শিক্ষক মহিন ৰাজবংশীয়ে গোৰেশ্বৰ থানাত সন্ধিয়ালৈ উভটি নহা বিতোপনৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছিল। আনহাতে ২৪ মে’ত দল সংগঠনৰ লগতে গাওঁবাসীয়ে গোৰেশ্বৰ থানা বিতোপনৰ সন্ধান দিয়াৰ দাবী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি গোৰেশ্বৰ আৰক্ষী থানাৰ চৌহদ ঘেৰাও কৰিছিল । উক্ত দিন ধৰি আৰক্ষীয়ে বিভিন্ন প্ৰকাৰে বিতোপনৰ সন্ধান লাভ কৰিবলৈ তদন্ত চলাইছিল যদিও কোনো সম্ভেদ লাভ কৰা নাছিল । ইপিনে আজি ২৯ মে’ ত ৯ দিন পিছত সন্ধান ওলাল বিতোপন ৰাজবংশীৰ । সৌন্দৰ্যৰ ৰাণী বগামাটিত মৃত অৱস্থাত উদ্ধাৰ হ’ল মেধাৱী ছাত্ৰজন । ঘটনাস্থলীত গোৰেশ্বৰ , খাগ্ৰাবাৰী , ডিমাকুছি , শুৱাগপুৰ আৰক্ষী উপস্থিত হৈ বিতুপনৰ মৃতদেহটো উদ্ধাৰ কৰে । অৱশ্যে এয়া আত্মহত্যা নে হত্যা সেয়া স্পষ্ট হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব । বিতোপন ৰাজবংশীৰ মৃতদেহ উদ্ধাৰৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *