Spread the love

তামুলপুৰৰ কচুবাৰীত স্থানীয় কচুবাৰী যুৱক সংঘৰ উদ্যোগত ডাঃ কংকন চন্দ্ৰ ৰাভাৰ বাকৰিত কালি ১২ মে’ত দিনজোৰা কাৰ্যসূচীৰে ৪৯ সংখ্যক ব’হাগী উৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে।

 

 

বিহু উদযাপন সমিতিৰ সভাপতি সুৰেন ৰাভাই জনোৱা মতে– কালি ৰাতিপুৱা বজাত স্বৰ্গীয় যোগেন হাজৰীকা সোঁৱৰণি মুখ্য তোৰণ উন্মোচন, ৯-৩০ বজাত কচুবাৰী যুৱক সংঘ আৰু বিহুৰ পতাকা উত্তোলন, ১০-০০ বজাত স্মৃতি তৰ্পণ, ১০-৩০ বজাত কণ কণ ল’ৰা ছোৱালীৰ চিত্ৰাংকণ আৰু খেল ধেমালি প্ৰতিযোগিতা আদিকে ধৰি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ ৰূপায়ণ কৰাৰ সমান্তৰালভাবে আবেলি ২-০০ বজাত প্ৰদৰ্শনী বিহুত তেজপুৰৰ বৰ্হমথুৰি বিহুৱা দল, হাজোৰ ৰাংঢালী বিহু হুঁচৰি দল, আখৰা ছোৱালী বিহু হুঁচৰি দল, বাৰাঙ্গাবাৰী খেৰাই আফাদ আৰু সাগৰিকা বিহু হুঁচৰি দলকে ধৰি অসমৰ কেইবাটাও আগশাৰীৰ বিহু দলে অংশগ্ৰহণ কৰিব।

 

সাংস্কৃতিক সন্ধিয়াত অসমৰ সুকণ্ঠী গায়িকা নিৰ্মালি দাসে গীত পৰিবেশন কৰিব। কালিৰ এই দিনজোৰা বৰ্ণাঢ্য– সমূহ কাৰ্যসূচীতে অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *