Spread the love

আজি বিশ্ব পৰ্যটন দিৱস।

 

 

বিটিআৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আজি তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ প্ৰাকৃতিক চহকীৰে বিৰাজমান টংচি হাউচত পালন কৰে বিশ্ব পৰ্যটন দিৱস।পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি অঞ্চলটোত কেইবাটাও মূল্যৱান গছপুলি ৰোপণ কৰা হয় ।

বন্তি প্ৰজ্বলনেৰে আজি দিনৰ ভাগত অনুষ্টিত হয় এক মুকলি সভা।সভাখন মুকলি কৰে বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্ম নাৰায়ণ দাসে। বিশ্ব পৰ্যটন উপলক্ষে BTR চৰকাৰৰ এইবাৰৰ শীৰ্ষক ‘থিম পৰ্যটন আৰু সেউজবিনিয়োগ’। BTR ত পৰ্যটনৰ সম্ভাৱনা থকা অঞ্চল সমূহক লৈ নতুন পৰিকল্পনা BTR চৰকাৰৰ।BTR ত এতিয়া পূৰ্বৰ পৰিৱেশ নাই গতিকে সকলোৱে ইয়াত মুক্ত ভাৱে ঘূৰিব পাৰে।বিটিআৰ অঞ্চলৰ প্ৰতিখন জিলাৰ অতি কমেও একোখনকৈ গাঁওত পৰ্যটনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিটিআৰৰ পৰ্যটন বিভাগে চিন্তা চর্চা কৰি আছে ।যোৱা বছৰৰ পৰা মানাহ , চৌকি , ৰাইমনা আদি পৰ্যটন ক্ষেত্ৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক পৰ্যটক আহিবলৈ ধৰিছে বুলি অনুষ্ঠানত মন্ত্যৱ BTR ৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্ম নাৰায়ণ দাসৰ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *