Spread the love

আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰংগ দলৰ সভাপতি ডাঃ প্ৰৱীণ ভাই টোগাড়ীয়াই আজি তামুলপুৰত উপস্থিত।

 

 

 

আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰংগ দলৰ সভাপতি ডা: প্ৰবীণ ভাই টোগাড়ীয়াই অসম প্ৰদেশত কেইবালানী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাবে আজি উপস্থিত হয় তামুলপুৰ জিলাত।

 

তামুলপুৰত উপস্থিত হৈ তেখেতে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেল যোগে সভাপতি গৰাকীয়ে কয় যে–

 

বৰাক ভেলী এতিয়া মিনি বাংলাদেশত পৰিণত হৈছে।

 

অবৈধ বাংলাদেশী সকলক চৰকাৰে অতিশীঘ্ৰে চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

 

গতিকে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত হিন্দু লোক সকলক চৰকাৰে হনুমান চালিকা পাঠ কৰোৱাৰ ব্যৱস্থা কৰিব লাগে।

 

দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালক বিনামূলীয়া স্বাস্থ্য আৰু অন্ন যোগানৰ ব্যৱস্থা কৰিব লাগে।

 

ভাৰতবৰ্ষত বৰ্তমান ৩ কোটি তথা অসমত ৫০ লাখ অবৈধ বাংলাদেশী আছে। এই ৩ কোটি বাংলাদেশীৰ লৰা ছোৱালী জন্ম হৈ ১৫/২০ কোটি হ’ব।

 

চৰকাৰে অতিশীঘ্ৰে এইসকলৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ভাৰতবৰ্ষত মুছলমান সকল সংখ্যাগুৰু আৰু হিন্দু সকল সংখ্যালঘু হ’ব।

 

হিন্দু সকলৰ ওপৰত পাকিস্থান আৰু বাংলাদেশত যেনেদৰে অত্যাচাৰ হয় ঠিক তেনেদৰে অসম, বেংগল তথা সমগ্ৰ ভাৰতবৰ্ষত হবলৈ গৈ আছে। কিয়নো ৩ কোটি অবৈধ বাংলাদেশীৰ পৰা ১৫/২০ কোটি হবলৈ গৈ আছে।

 

বাংলাদেশী সকলক চিনাক্ত কৰি খেদা কাম চৰকাৰৰ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *