Spread the love

আলাৰী স্বৰাং বিথাংথি আঁচনি অধীনত নামঘৰলৈ আৰ্থিক সাহায্য প্ৰদান।

তামুলপুৰ ২৬ অক্টোবৰ।

প্ৰমোদ বড়ো নেতৃত্বাধীন বি টি আৰ চৰকাৰে সেহতীয়াভাৱে গ্ৰহণ কৰা অভিলাসী আঁঁচনি আলাৰী স্বৰাং বিথাংথিৰ অধিনত বি টি আৰ চৰকাৰে ধৰ্মী অনুষ্ঠানলৈ আগবঢ়োৱা ২ লাখ টকাৰ আৰ্থিক সাহায্য আজি তামুলপুৰ জিলাৰ ১ নং তেতেলীগুৰি নামঘৰলৈ প্ৰদান কৰা হয়। বি টি আৰ চৰকাৰৰ হৈ আনুষ্ঠানিকভাৱে ২ লাখ টকাৰ চেক প্ৰদান কৰে বি টি আৰ মনোনীত এম চি এল এ হেমন্ত কুমাৰ ৰাভাই। চেক প্ৰদান কৰি হেমন্ত কুমাৰ ৰাভাই কয়— প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰ খনে বি টি আৰ খনক আগুৱাই নিয়াৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। আলাৰী স্বৰাং বিথাংথিৰ আঁচনিৰ দ্বাৰা বি টি আৰৰ ধৰ্মী অনুষ্ঠান সমূহক উন্নত কৰাৰ বাবে এই আচঁনিৰ দ্বাৰা ২ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। বি টি আৰ চৰকাৰৰ মাইনাও স্বৰাং বিথাংখি জৰিয়তে আত্মসহায়ক গোট সমূহক ২৫ হেজাৰ টকাকৈ মুঠ ৭৫ হেজাৰ টকা এক কালিন ভাৱে দিয়া, ছাত্ৰ ছাত্ৰীৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা আঁচনি গ্ৰহণ কৰাৰ লগতে বিভিন্ন আঁচনি গ্ৰহণ কৰে হৈছে বুলিও মন্তব্য কৰে হেমন্ত কুমাৰ ৰাভাই। আজিৰ এই চেক বিতৰণ অনুষ্ঠানত টি চি এল চি চি অধ্যক্ষ পবিত্ৰ বড়ো, গয়ৱাৰী মণ্ডলৰ সাধাৰণ সম্পাদক অম্বৰ চেত্ৰী, ১নং তেতেলীগুৰি নামঘৰৰ কেন্দ্ৰীয় পৰিচালনা সমিতি সভাপতি অৰবিন্দ কোঁৱৰ
সম্পাদক নৰেন্দ্ৰ বৰ্মণ, ৪ ভিচিডিচিৰ অধ্যক্ষ গোপেশ্বৰ কলিতা, চাইলক বড়োৰ লগতে বিজেপি ইউপিপিএল চৰকাৰ বিষয়ববীয়াৰ লগতে ১ নং তেতেলীগুৰি গাঁওৰ ৰাইজ উপস্থিত থাকে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *