Spread the love

আগন্তুক ঈদ-উল-জুহাৰ গইনা লৈ নামনি অসমত তৎপৰতা বৃদ্ধি পাইছে বাংলাদেশলৈ চোৰাংককৈ সৰবৰাহ কৰা গো-সৰবৰাহী চক্ৰৰ।

 

 

তাকেই প্ৰতিপন্ন কৰি আজি অসম-বংগ সীমান্তৰ ছাগলীয়াত এখন কন্টেইনাৰৰ পৰা ৩০টা গৰু উদ্ধাৰ কৰাৰ সমান্তৰালকৈ চাৰিজনক আটক কৰে আৰক্ষীয়ে। জানিব পৰা মতে, পশ্চিমবংগৰ পৰা এইচ আৰ-৬৭ ডি-৬৯৫৪ নম্বৰৰ কণ্টেইনাৰখন বংগ সীমান্তৰ পৰা ছাগলীয়াত প্ৰৱেশ কৰোঁতে বংগ আৰক্ষীয়ে ৰখাবলৈ ইংগিত দিয়ে যদিও চালকে গাড়ীখন নৰখাই বেৰিকেড ভাঙি গুচি আহে। পিছত বংগ আৰক্ষীয়ে ছাগলীয়া আৰক্ষীক কণ্টেইনাৰখনৰ বিষয়ে অৱগত কৰে যদিও তীব্ৰ বেগত থকা গাড়ীখনে ছাগলীয়া আৰক্ষী চকী পাৰহৈ যায় যদিও হালাকুৰা আৰক্ষীয়ে ৰাষ্টীয় ঘাইপথত আগভেটি ধৰি গাড়ীখন ৰখাবলৈ সক্ষম হয় । গাড়ীখনৰ পৰা ৩০টাকৈ গো-ধন উদ্ধাৰ হোৱাৰ সমান্তৰালকৈ চালক-হেণ্ডিমেনসহ উত্তৰ প্ৰদেশৰ মহম্মদ হুছেইন, মহম্মদ আৰ্মান, মহম্মদ ৰছিদ আৰু আবিদ খানক আটক কৰে ছাগলীয়া আৰক্ষীয়ে ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *