Spread the love

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা কেইখনমান ৰেলৰ বাতিলকৰণ, পথ পৰিৱৰ্তন আৰু সময় পুনৰ নিৰ্ধাৰণ

 

মালিগাঁও, ২৯ ছেপ্টেম্বৰ, ২০২৩:

 

কাটিহাৰ মণ্ডলৰ অধীনৰ আলুৱাবাৰী ৰোড আৰু মাগুৰজান দ্বৈত ৰেলপথ খণ্ডত অটোমেটিক ব্লক চিগনেলিং কমিছনিঙৰ বাবে আলুৱাবাৰী ৰোড আৰু মাগুৰজান ষ্টেচনত নন ইন্টাৰলকিং আৰু প্ৰি-নন ইন্টাৰলকিং কাৰ্য আৰু চাংসাৰি আৰু নিউ বঙাইগাওঁ ষ্টেচনৰ মাজত নিৰ্মাণ আৰু টিআৰডি ব্লকৰ বাবে পৰিপ্ৰেক্ষিতত নিম্নলিখিত অনুসাৰে কেইখনমান ৰে’লৰ বাতিলকৰণ, পথ পৰিৱৰ্তন আৰু সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

 

ৰেল সেৱাৰ বাতিলকৰণ:

 

২ আৰু ৩ অক্টোবৰত ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১৫৭১৯/১৫৭২০ (কাটিহাৰ-শিলিগুড়ী জং-কাটিহাৰ) ইন্টাৰচিটি এক্সপ্ৰেছ; ৰে’ল নং. ১৫৪৬৪/১৫৪৬৩ (শিলিগুড়ী জং-বালুৰঘাট-শিলিগুড়ী জং) ইণ্টাৰচিটি এক্সপ্ৰেছ; ৰে’ল নং ০৭৫০৭ (ৰাধিকাপুৰ – শিলিগুড়ী জংচন) ডেমু বিশেষ আৰু ৰে’ল নং. ০৭৫১৯ (মালদা কোৰ্ট – শিলিগুড়ী জংচন) ডেমু বিশেষৰ যাত্ৰা বাতিল থাকিব।

১ আৰু ২ অক্টোবৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ০৭৫২০ (শিলিগুড়ী জংচন – মালদা কোৰ্ট) ডেমু বিশেষ আৰু ৰে’ল নং ০৭৫০৮ (শিলিগুড়ী জংচন-ৰাধিকাপুৰ) ডেমু বিশেষ, ২ অক্টোবৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলীয়া ৰেল নং. ০৭৫৪৩ (কাটিহাৰ- শিলিগুড়ী জংচন) ডেমু বিশেষ আৰু ৩ অক্টোবৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং. ০৭৫৪৪ (শিলিগুড়ী জংচন – কাটিহাৰ) ডেমু বিশেষৰ যাত্রা বাতিল থাকিব।

৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১৫৭৬৯/১৫৭৭০ (আলিপুৰদুৱাৰ জংচন-লামডিং-আলিপুৰদুৱাৰ জংচন) ইণ্টাৰচিটি এক্সপ্ৰেছ; ৰে’ল নং ১৫৭৫৩/১৫৭৫৪ (আলিপুৰদুৱাৰ জংচন-গুৱাহাটী-আলিপুৰদুৱাৰ জংচন) চিফুং এক্সপ্ৰেছ আৰু ৰেল নং ১৫৭২৮ (নিউ তিনিচুকীয়া-ৰঙিয়া) এক্সপ্ৰেছৰ যাত্ৰা বাতিল থাকিব।

৩০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১৫৯২৭ (ৰঙিয়া-নিউ তিনিচুকীয়া) এক্সপ্ৰেছ আৰু ০১ অক্টোবৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং. ১৫৯৬৭ (ৰঙিয়া-লিডু) এক্সপ্ৰেছৰ যাত্ৰা বাতিল থাকিব।

 

আলুৱাবাৰী ৰোড- ৰঙাপানী-নিউ-জলপাইগুড়ী হৈ ৰেল সেৱাৰ পথ পৰিৱৰ্তন:

 

১ আৰু ২ অক্টোবৰ, ২০২৩ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১৩১৪৯ (শিয়ালদহ-আলিপুৰদুৱাৰ জংচন) কাঞ্চনকন্যা এক্সপ্ৰেছ আৰু ১ অক্টোবৰ, ২০২৩ তাৰিখে আৰম্ভ কৰিবলগীয়া ৰেল নং. ১৫৪৮৪ (দিল্লী – আলিপুৰদুৱাৰ জংচন) ছিক্কিম মহানন্দা এক্সপ্ৰেছ, ৰে’ল নং. ১৩২৪৮ (ৰাজেন্দ্ৰনগৰ টাৰ্মিনেল – কামাখ্যা) ৰাজধানী এক্সপ্ৰেছ আৰু ৰে’ল নং. ০৫৬৭২ (ৰাঁচী-গুৱাহাটী) বিশেষ ৰেলখনৰ পথ পৰিৱৰ্তন কৰা হৈছে।

 

নিউ জলপাইগুড়ী- ৰঙাপানী – আলুৱাবাৰী হৈ ৰে’ল সেৱাৰ পথ পৰিৱৰ্তনঃ

 

২ অক্টোবৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১৩১৫০ (আলিপুৰদুৱাৰ জংচন – শিয়ালদহ) কাঞ্চনকন্যা এক্সপ্ৰেছ, ৰে’ল নং. ১৫৪৮৩ (আলিপুৰদুৱাৰ জচন – দিল্লী) ছিকিম মহানন্দ এক্সপ্ৰেছ আৰু ৰে’ল নং. ১৩২৪৫ (নিউ জলপাইগুড়ী-ৰাজেন্দ্ৰনগৰ টাৰ্মিনেল) কেপিটেল এক্সপ্ৰেছৰ পথ পৰিৱৰ্তন কৰা হৈছে।

 

কামাখ্যা- গোৱালপাৰা টাউন- নিউ বঙাইগাঁও হৈ ৰে’ল সেৱাৰ পথ পৰিৱৰ্তনঃ

 

৩০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ২০৫০৩ (ডিব্ৰুগড় – নিউ দিল্লী) ৰাজধানী এক্সপ্ৰেছৰ পথ পৰিৱৰ্তন কৰা হৈছে।

 

 

 

 

 

 

ৰেল সেৱাৰ সময় পুনৰ নিৰ্ধাৰণ:

 

২ অক্টোবৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ২০৫০৪ (নিউ দিল্লী-ডিব্ৰুগড়) ৰাজধনী এক্সপ্ৰেছৰ যাত্ৰাৰ সময় ১১.২৫ ৰ পৰিৱৰ্তে ১৪.০০ বজাত পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

৩ অক্টোবৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১২৫২৩ (নিউ জলপাইগুড়ী-নিউ দিল্লী) এক্সপ্ৰেছৰ যাত্রাৰ সময় ০৮.১৫ ৰ পৰিৱৰ্তে ১২.১৫ বজাত পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

ৰে’ল নং. ১৩২৪৮ (ৰাজেন্দ্ৰনগৰ টাৰ্মিনেল – কামাখ্যা) কেপিটেল এক্সপ্ৰেছৰ যাত্ৰাৰ সময় ২ অক্টোবৰ, ২০২৩ তাৰিখে ২৩.১৫ বজাৰ পৰিৱৰ্তে ৩ অক্টোবৰ, ২০২৩ তাৰিখে ০১.৩০ বজাত পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ০৫৮০১ (নিউ বঙাইগাঁও-গুৱাহাটী) পেছেঞ্জাৰৰ যাত্ৰাৰ সময় ৪.৪০ ঘণ্টাৰ পৰিৱৰ্তে ৬.১০ বজাত পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ০৫৮১০ (গুৱাহাটী-নিউ বঙাইগাঁও) পেছেঞ্জাৰৰ যাত্ৰাৰ সময় ৫.০০ৰ পৰিৱৰ্তে ৬.৩০ বজাত পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

ৰে’ল নং. ২২৪১১ (নাহৰলগুন-আনন্দ বিহাৰ টাৰ্মিনেল) এক্সপ্ৰেছৰ যাত্ৰাৰ সময় ৩০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে ২১.৫০ বজাৰ পৰিৱৰ্তে ১ অক্টোবৰ, ২০২৩ তাৰিখে ০০.৫০ বজাত পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

 

তদুপৰি, দক্ষিণ-পূব ৰে’লৱেৰ চক্ৰধৰপুৰ মণ্ডলৰ ৰাউৰকেলা ষ্টেচন য়াৰ্ডত তৃতীয় লাইনৰ কামৰ সৈতে সম্পৰ্কিত প্ৰি-নন-ইণ্টাৰলকিং আৰু নন-ইণ্টাৰলকিং কামৰ পৰিপ্ৰেক্ষিতত, উক্ত খণ্ডৰ মাজেৰে ৩০ ছেপ্টেম্বৰ আৰু ১৪ অক্টোবৰ ২০২৩ তাৰিখে অতিক্ৰম কৰিবলগীয়া ৰে’ল নং. ২২৫১২ (কামাখ্যা-লোকমান্য তিলক) এক্সপ্ৰেছ আৰু ৩ আৰু ১৭ অক্টোবৰ, ২০২৩ তাৰিখে অতিক্ৰম কৰিবলগীয়া ৰেল নং. ২২৫১১ (লোকমান্য তিলক-কামাখ্যা) এক্সপ্ৰেছ ৰেলখন বাতিল থাকিব ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed