Spread the love

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা আৱদ্ধ যাত্ৰীসকলৰ বাবে দ্ৰুত সাহাৰ্য প্ৰদান

 

মালিগাওঁ, ২৯ মে, ২০২৪:

ঘূৰ্ণীবতাহ ৰেমলৰ ফলত উত্তৰ পূৰ্ব্বাঞ্চলৰ অধিকাংশত ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত অসমৰ ডিমা হাচাও জিলাত ৰে’ল চলাচল প্ৰভাৱিত হয়। ডিমা হাচাও জিলাৰ পাহাৰীয়া অঞ্চলত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত ৰে’লপথ, য়াৰ্ড আৰু সুৰংগসমূহত পানী জমা হয়। ফলস্বৰূপে উত্তৰ পূব সীমান্ত ৰেলৱেই ৰেল সেৱা নিয়ন্ত্ৰণ কৰিব লগা হয়। কিছুসংখ্যক ৰেল বাতিল কৰা হয়, কিছুমান আংশিকভাৱে বাতিল কৰা হয় আৰু কিছুসংখ্যকৰ সময় পুনৰ নিৰ্ধাৰণ কৰা হয়। এয়া উল্লেখনীয় যে ২৮ মে’ত ০৫:০০ বজাৰ পৰা ১১:৩০ বজাৰ ভিতৰত কিঃমিঃ/১১০ অত ২২৯ মিলিমিটাৰ বৰষুণ হয়। নিউ হাৰাংগাজাও ষ্টেচন এলেকাত ০৬:০০ বজাৰ পৰা ১০:০০ বজাৰ ভিতৰত ২১৭ মিলিমিটাৰ বৰষুণ পঞ্জীয়ন কৰা হয়। বৰষুণৰ উপৰিও, প্ৰচণ্ড ঘূৰ্ণীবতাহৰ ফলত বিভিন্ন স্থানত উভালি পৰা গছবোৰ ৰেলৱে ট্ৰেকৰ ওপৰত বাগৰি পৰে।

 

উত্তৰ পূব সীমান্ত ৰে’লৱেই আগৰতলা আৰু শিলচৰ অভিমুখে যাত্ৰা কৰা দূৰৱৰ্তী ৰে’লসমূহৰ আৱদ্ধ যাত্ৰীসকলৰ বাবে লামডিং আৰু গুৱাহাটী ৰে’ল ষ্টেচনত আৱশ্যকীয় পেকেটযুক্ত খোৱা পানী আৰু আহাৰৰ সাহাৰ্য ও যোগান ধৰাৰ পদক্ষেপ গ্ৰহণ কৰে।

আগৰতলা অভিমুখী লোকমান্য তিলক টাৰ্মিনাচৰ পৰা আহি থকা ১২৫১৯ নং ৰেলখন পুনৰ লামডিং ষ্টেচনলৈ ঘূৰাই আনিব লগা হয়। লামডিং ষ্টেচনত উপস্থিত হোৱাৰ পিছত ৰেল কৰ্তৃপক্ষই যাত্ৰীসকলক ৰাতিৰ আহাৰ আৰু পেকেটযুক্ত খোৱা পানী বিতৰণ কৰে। পিছত ৰেলখন ২৩:৩০ বজাত গুৱাহাটী ৰেল ষ্টেচনত উপস্থিত হয়। যাত্ৰীসকলক ৰে’লৱে কৰ্তৃপক্ষই গুৱাহাটী ষ্টেচনৰ প্লেটফৰ্ম নং ১ ৰ প্ৰথম শ্ৰেণীৰ প্ৰতীক্ষাগৃহত থকাৰ সুবিধা প্ৰদান কৰে। একেদৰে শিলচৰ অভিমুখী শিয়ালদহৰ পৰা অহা ৰেল নং. ১৩১৭৫ ৰেলখনো লামডিং ষ্টেচনলৈ ঘূৰাই আনিব লগা হয় আৰু সকলো যাত্ৰীক ৰেল কৰ্তৃপক্ষই চাহ আৰু জলপান বিতৰণ কৰে। পিছত ৰেলখন ০১:২৫ বজাত গুৱাহাটী ষ্টেচনত উপস্থিত হয় আৰু যাত্ৰীসকলক ৰেলৱে বিষয়াবৰ্গই গুৱাহাটী ষ্টেচনৰ প্লেটফৰ্ম নং ১ ৰ প্ৰথম শ্ৰেণীৰ প্ৰতীক্ষাগৃহত থকাৰ সুবিধা প্ৰদান কৰে।

যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানত সুৰক্ষিতভাৱে উপনীত হোৱাত সহায় কৰিবলৈ ৰে’লৱে সুৰক্ষা বাহিনী, আৰু গুৱাহাটীৰ অসামৰিক প্ৰশাসনৰ বিষয়াবৰ্গৰ সৈতে ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গও ষ্টেচনত উপস্থিত আছিল।

এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত উত্তৰ পূব সীমান্ত ৰে’লৱেই প্ৰদান কৰা সঁহাৰি আৰু সাহাৰ্যৰ বাবে যাত্ৰীসকলে যথেষ্ট সন্তুষ্ট আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। উত্তৰ পূব সীমান্ত ৰে’লৱেই দুৰ্যোগ ব্যৱস্থাপনা কাৰ্যসূচীৰ অংশ হিচাপে উত্তৰ-পূৰ্ব্বাঞ্চলত বিভিন্ন কাম কাজ কৰি আহিছে। ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলৰ সহযোগত পাহাৰীয়া অঞ্চলৰ লোকসকলক যথাসম্ভৱ সাহাৰ্য আগবঢ়োৱা হৈছে। পৰিস্থিতি উন্নত হোৱাৰ পিছত উত্তৰ পূব সীমান্ত ৰেলৱেই ৰে’লৰ চলাচলৰ পুনৰ আৰম্ভ কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়াস চলাই আছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *