Spread the love

উত্তৰ পূব সীমান্ত ৰেলৱে অনাগত ধাৰাষাৰ বাৰিষাৰ বতৰৰ বাবে নিজকে সাজু

কৰি তুলিছে

মালিগাওঁ, ০৭ জুন, ২০২৪:
উত্তৰ পূব সীমান্ত ৰে'লৱে ইয়াৰ যাত্ৰীসকলৰ বাবে সুগম ৰেল ভ্ৰমণ প্ৰদান কৰাৰ অৰ্থে, ৰেলৰ চলাচল বাহাল
ৰাখিবলৈ আৰু বিশেষকৈ বাৰিষাকালত নিৰৱচ্ছিন্ন সেৱা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অবিৰত প্ৰচেষ্টা আৰু আন্তঃগাঁথনি
উন্নীতকৰণৰ বাবে, বাৰিষাৰ সময়ত যোৱা কেইবছৰমানত ৰে'লৰ পৰিচালন উন্নত হৈছে। ই উত্তৰ পূব সীমান্ত ৰেলৱেত প্ৰচুৰ
বৰষুণ হোৱা স্বত্বেও কম সংখ্যক অবৰোধৰ সৈতে সকলো খণ্ডত ৰেল সেৱাসমূহ সুচাৰুৰূপে আৰু নিয়মিত ৰূপে চলাবলৈ সহায়
কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱে চিভিল, মেকানিকেল, চিগনেলিং, ইলেক্ট্ৰিকেল সম্পদ আৰু সা-সৰঞ্জাম আদিৰ সঠিক
ৰক্ষণাবেক্ষণ আৰু তত্বাৱধানৰ লগতে মিছন মোডত বাৰিষাৰ বাবে কেইবাটাও প্ৰস্তুতিমূলক কাম সম্পাদন কৰি আহিছে। উত্তৰ
পূব সীমান্ত ৰে'লৱেৰ সমগ্ৰ অধিক্ষেত্ৰৰ অধীনত যোৱা কেইমাহমানত পশ্চিম বংগ, বিহাৰৰ বিভিন্ন প্ৰান্তত বিয়পি থকা আৰু
উত্তৰ পূৰ্ব্বাঞ্চলৰ আঠখন ৰাজ্যত ৬৪০০ কিলোমিটাৰৰো অধিক ৰে'লপথত বৰষুণৰ বতৰৰ সৈতে মোকাবিলা কৰিবলৈ সা-
সামগ্ৰীৰ জমা কৰাৰ কাম সম্পন্ন কৰা হৈছে।
এই ৰেলৱেৰ বাবে বৰ্ষা ঋতু যথেষ্ট প্ৰত্যাহ্বানজনক। এই ৰে'লৱেই, এবছৰত প্ৰায় ৭০০০ মিলিমিটাৰ পৰ্যন্ত হোৱা
আটাইতকৈ বেছি বৰষুণৰ পৰিণামস্বৰূপে হোৱা খৰস্ৰোতা নৈৰ দ্বাৰা পৰিবেষ্টিত নামনি হিমালয় পৰ্বতমালাৰ পাদদেশৰ দুৰ্গম
এলেকাসমূহত সেৱা আগবঢ়ায়। দক্ষিণ-পশ্চিম মৌচুমী ঋতুৰ সময়সীমা সাধাৰণতে প্ৰতি বছৰে মে মাহৰ মাজভাগৰ পৰা আৰম্ভ হয়
আৰু অক্টোবৰৰ মাজভাগলৈকে চলি থাকে, য'ত লামডিং মণ্ডলত এপ্ৰিলৰ মাজভাগৰ পৰা বাৰিষা কাল আৰম্ভ হয়। এই ধাৰাসাৰ
বৰষুণৰ ফলত ভূমিস্খলন, বান্ধত ৰেইন কাট, দলংসমূহত পানী উপচি পৰা ইত্যাদি সঘনাই হয়। এনেকুৱা পৰিস্থিতত ট্ৰেকসমূহ
সুৰক্ষিত আৰু ভাল অৱস্থাত ৰখাটো নিশ্চিত কৰিবলৈ এক বিতং কৌশল গ্ৰহণ কৰা হয় যাতে যাত্ৰীসকলৰ সুৰক্ষাৰ সৈতে
কোনোধৰণৰ আপোচ কৰিব লগা নহয়।
ইয়াৰ বাবে, উত্তৰ পূব সীমান্ত ৰেলৱেই ৰে'লপথৰ সুৰক্ষাৰ বাবে এক বিস্তৃত কৌশল প্ৰস্তুত কৰিছে। বাৰিষাৰ পূৰ্ব
প্ৰস্তুতিৰ অংশ ৰূপে সংবেদনশীল এলেকাসমূহত সামগ্ৰী সংগ্ৰহ, নৰ্দমা ব্যৱস্থাৰ পৰিস্কাৰকৰণ, দলংসমূহৰ জলপথ
পৰিষ্কাৰ কৰণ, দলংসমূহৰ বিপদৰ স্তৰ চিহ্নিত কৰা আদি। যদিও সকলো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে, উত্তৰ
পূব সীমান্ত ৰেলৱেই প্ৰচুৰ বৰষুণৰ ফলত উদ্ভৱ হ'ব পৰা যিকোনো ত্ৰুটিৰ বাবে ইয়াৰ অধিক্ষেত্ৰৰ অধীনত ৬৪০০
কিলোমিটাৰৰো অধিক ট্ৰেক অবিৰতভাৱে নিৰীক্ষণ কৰাৰ অৰ্থে টহলদাৰী দল মোতায়েন কৰিছে। বতৰ বিজ্ঞান বিভাগৰ দ্বাৰা
জাৰী কৰা বৰষুণৰ সতৰ্কবাণীৰ ভিত্তিত এই দলটোৱে ট্ৰেকত টহল দিয়ে। এই টহলদাৰীসকল শেহতীয়া আৰু অত্যাধুনিক সঁজুলি
অৰ্থাৎ জিপিএছ ট্ৰেকাৰ, উজ্জ্বল জেকেট, ৰেইনকোট, আৰু পৃথক ৱাটাৰপ্ৰুফ ট্ৰাউজাৰ, সুৰক্ষা হেলমেট, সুৰক্ষা জোতা
অধিক শক্তিশালী চাৰ্ছ/ফ্লেছলাইট আদিৰে সজ্জিত। দলটো চব্বিশ ঘণ্টাই সম্পূৰ্ণ ৰূপে ট্ৰেকৰ পেট্ৰ'লিঙত থাকে। ৰেলৰ
স্বাভাৱিক চলাচল প্ৰভাৱিত কৰিব পৰা যিকোনো পৰিস্থিতিৰ বিষয়ে নিকটতম ষ্টেচনক তথ্য প্ৰদান কৰিবলৈ প্ৰতিটো টহল
দাৰী দলৰ সৈতে মোবাইল ফোন উপলব্ধ কৰা হৈছে। টহলৰ উপৰিও, সংবেদনশীল এলেকা অৰ্থাৎ ভূমিস্খলনৰ সম্ভাৱনা থকা
স্থান, বিপদসীমাৰ ওচৰেৰে পানী বৈ থকা দলং আদিত নিৰন্তৰ প্ৰহৰী নিয়োগ কৰা হৈছে।
সাৱধানতা স্বত্বেও, বিভিন্ন কাৰণত দলংসমূহ পানীয়ে উটুৱাই লৈ যায়, বান্ধসমূহ ভাঙি যায় আৰু ভূমিস্খলন হয় তেতিয়া
এনে পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আৰু সম্ভৱপৰ নিম্নতম সময়ৰ ভিতৰত পুনৰুদ্ধাৰ কৰিবলৈ, শিল, বালি, বালিৰ মোনা,
আগতীয়াকৈ-নিৰ্মিত দলঙৰ বিভিন্ন উপাদান, আদিৰ দৰে সামগ্ৰী বিভিন্ন ৱাগনসমূহত লোড কৰি ৰখা হয় আৰু এইসমূহ
পৰিকল্পিত স্থানত ৰখা হৈছে। তদুপৰি, প্ৰায় ৩০,৯৯০৯ চিইউএম বোল্ডাৰ, ১৭,৪২৬ চিইউএম কোৱেৰী ডাষ্ট আৰু ২২০০০
চিইউএম পলস, ৪৫০০০ নং বালিৰে ভৰা বেগ আৰু ২৮৯৮০০ ন. খালী চিমেণ্টৰ বেগবোৰ বাৰিষাৰ ৰিজাৰ্ভ ষ্টক ৰূপে সংৰক্ষিত
কৰি ৰাখি থোৱা হৈছে।
উত্তৰ পূব সীমান্ত ৰেলৱেই অবিৰত নিৰীক্ষণ নিশ্চিত কৰি আমাৰ বহূমূলীয়া যাত্ৰীসকলৰ বাবে সকলো বতৰতে ৰেল
যোগাযোগ আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে বিপদমুক্ত ৰেল ভ্ৰমণ বাহাল ৰখাৰ দিশত সকলো পদক্ষেপ গ্ৰহণ কৰি আহিছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *