Spread the love

[ad_1]

শ্বুটিঙত আকৌ সোণৰ পদক লাভ ভাৰতৰ। এছিয়ান গেমছৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ টিম ইভেণ্টত ভাৰতৰ তিনিজন যুৱ খেলুৱৈয়ে সোণৰ পদক লাভ কৰে। সৰবজোৎ সিং, অৰ্জুন সিং চিমা আৰু শিৱ নৰৱালে পিছুৱাই গৈও শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰে। এছিয়ান গেমছত ভাৰতৰ এয়া ষষ্ঠ স্বৰ্ণ পদক। শ্বুটিঙৰ পৰা আহিল ১৩ সংখ্যক পদক। ভাৰতৰ তালিকাত মুঠ ২৪টা পদক।

সৰবজ্যোৎ, অৰ্জুন, শিৱাই লাভ কৰে ১৭৩৪ পইণ্ট। চীনৰ খেলুৱৈসকলে এক পইণ্ট পিছ পৰি খেল শেষ কৰে। ব্ৰঞ্জৰ পদক পাইছে ভিয়েটনামে। সাৰবজোৎ আৰু অৰ্জুন দুয়োজনেই ব্যক্তিগত শাখাতো ফাইনেলত প্ৰৱেশ কৰিছিল। তাৰ পৰাও পদক আহিব লাগিছিল যদিও নাহিল। ব্যক্তিগত ইভেণ্টত চতুৰ্থ স্থান দখল কৰে সৰৱজোতে। অৰ্জুনে পালে অষ্টম স্থান।

এছিয়ান গেমছৰ পঞ্চম দিনাই পদকৰ দুৱাৰ মুকলি কৰে ভাৰতে। ৰোছিবিনা দেৱীয়ে ৰাতিপুৱা আৰম্ভণি কৰে ৰূপৰ পদকেৰে। মণিপুৰৰ উশ্বু এথলীটগৰাকীয়ে সোণৰ পদক লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও  সেইটো নহ’ল। সেই আক্ষেপ শেষ দূৰ কৰি বৃহস্পতিবাৰে প্ৰথমটো সোণৰ পদক আহিল ১০ মিটাৰ এয়াৰ পিষ্টলত।

অৱশ্যে ভাৰতৰ তিনি যোদ্ধাক দেখি প্ৰথমে সোণ আহিব পাৰে বুলি ধাৰণা হোৱা নাছিল। আৰম্ভণিটো সৰবজ্যোৎ, অৰ্জুনহঁতৰ বাবে একেবাৰেই ভাল নাছিল। কিন্তু দ্বিতীয় ভাগত তেওঁলোকে লাহে লাহে নিজকে উজাৰি দিয়ে। বিশেষকৈ সৰবজ্যোৎ আৰু শিৱাই অধিক পাৰফেক্ট টেন স্ক’ৰ কৰে। এনে খেলত, য’ত চাপ ইমান বেছি, তাত বেয়া আৰম্ভণিৰ পৰা উভতি অহাটো অতি কঠিন। ভাৰতৰ তিনি যোদ্ধাই নিজৰ খোপনি হেৰুওৱা নাছিল। বৰঞ্চ ক্ৰমান্বয়ে নিজকে অব্যৰ্থ কৰি তুলিবলৈ চেষ্টা কৰিছিল্ ।

এছিয়ান গেমছৰ দলীয় ইভেণ্টত বিশেষকৈ শ্বুটিঙত বহু দলীয় সফলতা ব্যক্তিগত প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ শ্বুটিঙত যিকোনো ইভেণ্টৰ কোৱালিফাইং ৰাউণ্ডক দলীয় ইভেণ্ট বুলি গণ্য কৰা হয়। শ্বুটাৰে যিমানেই ভাল স্ক’ৰ কৰিব সিমানেই দলীয় ইভেণ্টত পদক লাভৰ সম্ভাৱনা বেছি। ইয়াৰ পূৰ্বেও শ্বুটিঙৰ দলীয় বিভাগৰ পৰা তিনিটা সোণৰ পদক দেখা গৈছে।

কিন্তু সৰবজ্যোৎ, অৰ্জুন, শিৱা আছিল ব্যতিক্ৰম। তেওঁলোকে অধিক দলীয় চিন্তাৰে নামিছিল। দলৰ গভীৰতা আৰু ধাৰাবাহিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। নহ’লে পিছ পৰি থকাৰ পিছতো তেনেকুৱা প্ৰত্যাৱৰ্তন সম্ভৱ নহ’লহেঁতেন৷

তেওঁলোকৰ প্ৰদৰ্শনে শ্বুটিং জগতক মুগ্ধ কৰিছে। মধ্যম পৰ্যায়ত তেওঁলোকে দ্ৰুতগতিত সাত নম্বৰৰ পৰা দুই নম্বৰলৈ উন্নীত হয়। অন্তিম ৰাউণ্ডত তিনি ভাৰতীয় শ্বুটাৰে সোণৰ পদক আজুৰি আনে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *