Spread the love

এপিজিচিএলৰ স্বতন্ত্ৰ পৰিচালক দেৱজিৎ মহন্ত উপস্থিতিত কুমাৰীকাটাত বিজেপিৰ গাঁৱ চলো অভিযানঃ

তামুলপুৰ, ১০ ফেব্ৰুৱাৰীঃ

তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকাটাৰ দৰঙাজুলি পৰিষদীয় সমষ্টিত আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক প্ৰৱাসী কাৰ্য্যকৰ্তা তথা অসম পাৱাৰ জেনেৰেচন কৰ্পোৰেচন লিমিটেড (এপিজিচিএল)ৰ স্বতন্ত্ৰ পৰিচালক দেৱজিৎ মহন্ত উপস্থিত হৈ “গাঁৱ চলো” অভিযান শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰে। দৰঙাজুলি ব্লক বিজেপিৰ সঞ্চালনাত অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানটোত অঞ্চলটোৰ ঢেকিয়াবস্তী, খৈৰাণী, অভয়াপুৰ, পাটকিজুলি, শশীপুৰ, এন কে দৰঙাকে আদি কৰি কেইবাখনো গাঁওত প্ৰৱেশ কৰি চৰকাৰৰ জনকল্যাণমূলক আঁচনি সমূহ ৰাইজৰ মাজত ফলপ্ৰসূভাৱে ৰূপায়ণ হৈছে নে নাই সেইবোৰ পৰ্যবেক্ষণ কৰি ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ তথা সমস্যাৰ বুজ লোৱাৰ লগতে বুথ সমিতিৰ বৈঠক, দলটোৰ সাংগঠনিক দৃষ্টিভংগীৰে কৰণীয়, যুৱ সম্পৰ্ক, নাৰী সমাজৰ সৈতে সম্পৰ্ক, বৃত্তিগত লোকৰ সৈতে সম্পৰ্ক, সামাজিক শ্ৰেণী আৰু হিতাধিকাৰীৰ সৈতে মত-বিনিময়, অনুসুচিত জনজাতি, অনুসুচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ সদস্য বা হিতাধিকাৰী সকলৰ সৈতে মত-বিনিময় কৰা, প্ৰভাৱী (সামাজিক-ধৰ্মীয়) ভোটাৰৰ সৈতে বৈঠক, ধৰ্মীয় স্থান ভ্ৰমণ, গাঁওৰ বুথ সংযোজকৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত সভা অনুষ্ঠিত কৰি দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ এই কাৰ্যসূচীত ৰাজ্যিক প্ৰৱাসী কাৰ্য্যকৰ্তা তথা এপিজিচিএলৰ স্বতন্ত্ৰ পৰিচালক দেৱজিৎ মহন্তৰ লগতে দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰী, বিটিচিৰ প্ৰাক্তন এমচিএলএ বাসুদেৱ উপাধ্যায়, তামুলপুৰ জিলা বিজেপিৰ কোষাধ্যক্ষ ৰংজা খুংগুৰ বসুমতাৰী, দৰঙাজুলি মণ্ডল বিজেপিৰ সভাপতি সত্যজিৎ পাঠক, সাধাৰণ সম্পাদক সুকুৰঞ্জন মণ্ডল, বিশাল বস্নেত সহ কেইবাগৰাকীও দলীয় নেতা কৰ্মী উপস্থিত থাকে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *