Spread the love

[ad_1]

🔹 কর্মস্থলীত মানৱৰ চাকৰি খোৱা অভিযান আৰম্ভ কৃত্রিম বুদ্ধিমত্তা এপছত

বিশেষ বাৰ্তা, ২৬ ডিচেম্বৰ : কৃত্রিম বুদ্ধিমত্তাৰ মোতায়েনে মানৱ জাতিৰ বাবে প্রত্যাহ্বান কঢ়িয়াই আনিব বুলি বিশেষজ্ঞই কৰা শংকা এতিয়া সত্য প্রমাণিত হোৱাৰ দিশে আগবাঢ়িছে৷ কৃত্রিম বুদ্ধিমত্তা (এআই) কর্মস্থানত নিয়োগ কৰিলে মানুহৰ সংস্থাপন কাঢ়ি নিব বুলি চলি থকা চর্চা শেহতীয়াভাৱে সত্যত প্রমাণিত হৈছে পে’টিএমত৷ কৃত্রিম বুদ্ধিমত্তা নিয়োগ কৰাৰ পাছতেই পে’টিএম কোম্পানীৰ ভগ্নী কোম্পানী ৱান ৯৭ কমিউনিকেচনে কর্মচাৰীৰ চাকৰি চাটাই আৰম্ভ কৰিলে৷ বৰদিনৰ সপ্তাহটোতে ৱান ৯৭ কমিউনিকেচনে এহাজাৰ কর্মচাৰীক চাটাই কৰিলে৷ অর্থাৎ এআই নিয়োগ হোৱাৰ লগে লগে মানুহৰ সংস্থাপন হেৰাই থাকিল৷ পে’টিএম কর্তৃপক্ষই প্রকাশ কৰা মতে, এআই নিয়োগে ব্যয় হ্রাস কৰিব আৰু যোগান ধৰাত ক্ষিপ্রতৰ হ’ব৷ কোম্পানীটোৱে প্রকাশ কৰা মতে, কর্মচাৰীৰ ব্যয় ১০ শতাংশ হ্রাস পাব৷ এআই শক্তিচালিত স্বয়ংক্রিয় পৰিচালন প্রক্রিয়াৰে পে’টিএমে কার্য সম্পাদন কৰাৰ বাবে কর্মচাৰীৰ সংখ্যা হ্রাস কৰাৰ প্রয়োজনীয়তা আহি পৰিছে৷ কর্মচাৰীক চাটাই কৰি ব্যয় হ্রাস কৰাৰ লক্ষ্য লোৱা পে’টিএমে মানুহৰ সংস্থাপন কাঢ়ি নিয়া বিষয়টোক লৈ উদ্বিগ্ণ হৈছে৷ পে’টিএমৰ এই সিদ্ধান্তৰ পাছত বিশ্বৰ আন আন প্রখ্যাত কোম্পানীসমূহেও কর্মচাৰী চাটাইৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দ্বাৰা উন্নীত এআয়ে মানৱৰ সংস্থাপন কাঢ়ি নিয়াটো নিশ্চিত৷ যিটো অনাগত দিনৰ বাবে ভয়াৱহ ইংগিত বহন কৰিছে৷

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *