Spread the love

ওদালগুৰিৰ গৰুৱাঝাৰৰ গ্ৰামীণ বিকাশ একাডেমিৰ ফলাফল সন্তোষজনক। ৯৮.২১ শতাংশৰে উজ্বলিল গ্ৰামীণ বিকাশ একাডেমি।

 

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল ভাৰত-ভূটান সীমান্তৰ শিক্ষাৰ ক্ষেত্ৰত অতিকৈ অনগ্ৰসৰ ভিতৰুৱা অঞ্চলৰ ওদালগুৰি জিলাৰ গৰুৱাঝাৰত অৱস্থিত গ্ৰামীণ বিকাশ একাডেমি । গৰুৱাঝাৰত অৱস্থিত গ্ৰামীণ বিকাশ একাডেমিৰ পৰা এইবাৰ ৯৮.২১ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৱলৈ সক্ষম হৈছে ৷ কনিষ্ঠ বিদ্যালয় খনৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে । ইয়াৰে ভিতৰত ২ গৰাকীয়ে ডিষ্টিংশ্বন মাৰ্ক , ৩ গৰাকীয়ে ষ্টাৰ মাৰ্ক সহ ৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত আৰু বাকী ছাত্ৰ-ছাত্ৰী আটাইকেইগৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয় খনৰ লগতে বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ বিদ্যালয় খনৰ পৰা ধাৰাবাহিকভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত বিদ্যালয়খনত উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰে । কেইবাবাৰো ১০০ শতাংশৰে ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়ত্ৰী সকলে ভৱিষ্যতেও বিদ্যালয় খনৰ পৰা পূৰ্বতকৈও অধিক ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী । উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *