Spread the love

ওদালগুৰিৰ ডিমাকুছিত নিশা আৰক্ষীৰ দুষ্প্ৰাপ্য বন-ৰৌ উদ্ধাৰ।

 

✍️ *ডিমাকুছি আৰক্ষী থানাৰ তহলদাৰী দলটোৱে নিশা ১০ মান বজাত উদ্ধাৰ কৰে দুষ্প্ৰাপ্য বন-ৰৌটো ।*

 

✍️ *ডিমাকুছি আৰক্ষীয়ে উদ্ধাৰ কৰা দুষ্প্ৰাপ্য বন-ৰৌটোৰ ওজন প্ৰায় তিনি-চাৰি কিলোগ্ৰাম হ’ব ।*

 

✍️ *ডিমাকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহানন্দ ভূঞাৰ নেতৃত্বত যোৱা আৰক্ষীৰ তহলদাৰী দলটোৱে ডিমাকুছি-বাদলাপাৰা পথৰ দাঁতিত প্ৰত্যক্ষ কৰে প্ৰকাণ্ড বন-ৰৌটো ।*

 

✍️ *দুষ্ট চক্ৰৰ কৱলত পৰাৰ আগতে ডিমাকুছি আৰক্ষীয়ে পথৰ পৰা বন-ৰৌটো সুকলমে উদ্ধাৰ কৰি নিশাই বৰনদী অভয়াৰণ্যৰ বন বিভাগক খৱৰ দিয়ে ।*

 

✍️ *আৰক্ষীয়ে উদ্ধাৰ কৰা বন-ৰৌটো বনকৰ্মীৰ সহযোগত বৰনদী অভয়াৰণ্যত এৰি দিয়া হ’ব বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে ।*

 


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *