Spread the love

 

ওদালগুৰিৰ ভেৰগাঁৱত BTRৰ EM দাওবৈছা বড়োৰ গছপুলি ৰোপণ #

 

আজি বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ ভেৰগাঁৱৰ ডিমাকুছিতো বিশ্ব পৰিৱেশ দিৱস পালন কৰে ।

 

৩২ নং ভেৰগাওঁ পৰিষদীয় সমষ্টিৰ ইএম দাওবাইছা বড়োৰ নেতৃত্বত ডিমাকুছিৰ বিভিন্ন প্ৰান্তত কেইবা হাজাৰ গছপুলি ৰোপণ কৰে ।

 

ডিমাকুছিৰ বটাবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি ৰাতিপুৱাৰে পৰা অঞ্চলটোৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰে ইএম দাওবাইছা বড়োৱে ।

 

বৰ্তমান সময়ত গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহ সমস্যা ৷

 

গৰমৰ মাত্ৰা অতিকৈ বাঢ়ি অহা বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পৰিৱেশ সজাগতা আৰু দায়বদ্ধতা বৃদ্ধিৰ লক্ষ্যৰে সমষ্টিতোৰ বিভিন্ন প্ৰান্তত আজি ইএম দাওবাইছা বড়োৱে গছ পুলি ৰোপন কৰে। কেৱল মাথো আজিৰ দিনটোতে নহয় প্ৰতিদিনে সমাজখন সেউজীয়া কৰাৰ উদ্দেশ্যেৰে বহুতো মূল্যৱান গছ-গছনি ৰোপন কৰিবলৈ সকলোকে আহ্বান জনায় ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *