Spread the love

ওদালগুৰি সংকুলৰ আচাৰ্য সন্মিলনৰ সফল সামৰণি।

তেজপুৰ বিভাগৰ ওদালগুৰি শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হয় আচাৰ্য সন্মিলন ।

 

__________________________________

 

ডিমাকুছি , ২৭ মে’ :-

 

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু নিকেতন সমূহে আৰম্ভণিৰে পৰা নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক , বৌদ্ধিক , আধ্যাত্মিক আৰু মানসিক উত্তৰণৰ বাবে বিশেষ অগ্ৰণী ভূমিকা পালন কৰি আহিছে ।

অসমৰ শিশু শিক্ষা সমিতিৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতন সমূহত কৰ্মৰত আচাৰ্য-আচাৰ্যা সকলে অতি কম মাননীৰে শিক্ষাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাবলৈ সক্ষম হৈছে । যাৰ বাবে প্ৰতি বছৰে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন সমূহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধাৰাবাহিক ভাৱে ফলাফল অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈ পৰিছে ।‌ শিশু শিক্ষা সমিতিৰ অধীনত সমগ্ৰ ৰাজ্যতে ৫৪৩ খন বিদ্যালয় সমূহৰ মুঠ ৫৩ টা সংকুলৰ প্ৰতি বছৰে প্ৰতিটো সংকুলতে নিকেতনত কৰ্মৰত আচাৰ্য-আচাৰ্যা সকলৰ ব্যক্তিত্ব বিকাশৰ বাবে আচাৰ্য সন্মিলন অনুষ্ঠিত কৰি আহিছে । ২০২৪ বৰ্ষৰ তেজপুৰ বিভাগৰ ওদালগুৰি সংকুলৰ আচাৰ্য সন্মিলনখন এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ওদালগুৰি শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত কৰে । তেজপুৰ বিভাগৰ ওদালগুৰি সংকুলৰ আচাৰ্য সন্মিলনত ওদালগুৰি , মাজবাট , ধনশ্ৰীঘাট , ডিমাকুছি , খৈৰাবাৰী , টংলা , ভেৰগাওঁ , ঝাৰগাঁও , ওৰাং , মেৰাবিল , হৰিশিঙা শংকৰদেৱ শিশু নিকেতনকে ধৰি ১১ খন নিকেতনৰ পৰা ১৪১ গৰাকী আচাৰ্য-আচাৰ্যা আৰু ১১ গৰাকী প্ৰধান আচাৰ্য সৰ্বমুঠ ১৫২ গৰাকীয়ে অংশগ্ৰহণ কৰে । ওদালগুৰি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য কনক দাসে আঁত ধৰা আচাৰ্য সন্মিলনত শিশু শিক্ষা সমিতিৰ নিয়োজিত তেজপুৰ বিভাগৰ বিভাগ নিৰীক্ষক ধীৰেন শৰ্মা , বিশিষ্ট শিক্ষাবিদ দেৱৰাজ সাপকোটা ওদালগুৰি নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি নৃপেন্দ্ৰ শৰ্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট শিক্ষক উপস্থিত থাকে । আচাৰ্য সন্মিলনত ওদালগুৰি সংকুলৰ আচাৰ্য-আচাৰ্যা সকলৰ মাজত বন্দনা প্ৰতিযোগিতা , দেশপ্ৰেমমূলক গীত প্ৰতিযোগিতাকে ধৰি বহুকেইটা প্ৰতিযোগিতা অনুষ্ঠিত কৰে । ধনশ্ৰীঘাট শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্যৰ পৰিচালনাত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে ওদালগুৰি শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি নৃপেন্দ্ৰ শৰ্মাই । উক্ত সভাতেই নিকেতন সমূহৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সমূহৰ বঁটা প্ৰদান কৰে । মুকলি সভাত উপস্থিত থাকি তেজপুৰ বিভাগৰ বিভাগ নিৰীক্ষক ধীৰেন শৰ্মায় কয় যে শংকৰদেৱে শিশু নিকেতন সমূহত অতি নিম্ন মানৰ মনণিৰে অতি পৰিশ্ৰমেৰে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা প্ৰদান কৰি শিক্ষকতা কৰি অহা বাবে তেওঁলোকৰ জীৱন ঊছৰ্গা কৰি আহি সমাজৰ হকে মহৎ কাৰ্য কৰি আহিছে । নিজৰ ঘৰ-সংসাৰৰ কথা ভবা-চিন্তা নকৰি কেৱল মাত্ৰ তেওলোকে দিনে-নিশাই ছাত্ৰ-ছাত্ৰী সকলৰ মানৱ সম্পদ গঢ় দিয়াত ব্যস্ত । সেয়েহে শংকৰদেৱ শিশু নিকেতন সমূহত কৰ্মৰত আচাৰ্য-আচাৰ্যা সকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শংকৰদেৱ শিশু নিকেতন সমূহে ভৱিষ্যতে আৰু অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰাৰ উপৰিও তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লয় ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *