Spread the love

 

কচুবাৰীত শ্ৰীশ্ৰী গংগেশ্বৰ মহাদেৱ আৰু সংকট মোচন শ্ৰীশ্ৰী হনুমান প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ শুভাৰম্ভ বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভাৰ।

 

তামুলপুৰ জিলাৰ কচুবাৰীত শ্ৰীশ্ৰী গংগেশ্বৰ মহাদেৱ আৰু সংকট মোচন শ্ৰীশ্ৰী হনুমান প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ আজি শুভাৰম্ভ কৰে বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভাই।

 

আজিৰে পৰা ১৯ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উক্ত কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়।

 

আজি প্ৰথম দিনা পুৱাৰ ভাগত মন্দিৰৰ ফিটা কাটি শুভাৰম্ভ কৰাৰ লগতে সন্ধিয়া আৰতি আৰু নাম কীৰ্তন, ১৬ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত শ্ৰীশ্ৰী গণেশ পূজা, আৰতি পূজা, পুষ্পাঞ্জলি গ্ৰহণ আৰু সন্ধিয়া আৰতি আৰু নাম কীৰ্ত্তন।

 

১৭ ফেব্ৰুৱাৰীৰ পুৱা পানীতোলা উৎসৱ, আৰতি আৰু নাম কীৰ্ত্তন। ১৮ ফেব্ৰুৱাৰীৰ পুৱা অন্নাধিবাসন, জলাধিবাসন, মিষ্টানিধিবাসন আৰু ফলাধিবাসন তথা সন্ধিয়া আৰতি আৰু নাম কীৰ্ত্তন ৷

 

১৯ ফেব্ৰুৱাৰীৰ শেষৰ দিনা প্ৰাণ প্ৰতিষ্ঠা, হোম, আৰতি পূজা, পুষ্পাঞ্জলি গ্ৰহণ আৰু প্ৰসাদ বিতৰণ কাৰ্যসূচীত বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *