Spread the love

[ad_1]

নগাঁও: কলিয়াবৰ জিলা বিজেপিৰ সভাপতি পদৰ পৰা অপসাৰিত হৈছে অনিল শইকীয়া ৷ সমষ্টি পুনৰ নিৰ্ধাৰনৰ পিছত কলিয়াবৰ জিলাৰ জিলা সভাপতি পদৰ পৰা অনিল শইকীয়াক অপসাৰন কৰাৰ পিছত কলিয়াবৰ বিজেপি শিবিৰত খলকনিৰ সৃষ্টি কৰিছে ৷

অনিল শইকীয়াৰস্থানত অসম প্ৰদেশ বিজেপিৰ সভাপতি ভবেশ কলিতাই এক নিৰ্দেশ যোগে বাবুল বৰাক সভাপতি হিচাপে নিয়ুক্তি প্ৰদান কৰিছে ৷ মঙ্গলবাৰে জাৰি কৰা এক নিৰ্দেশ অনুসৰি বাবুল বৰা এতিয়াৰ পৰা কলিয়াবৰ জিলা বিজেপিৰ তদৰ্থ ভিত্তিক সভাপতি ৷

পূব কলিয়াবৰ , পশ্চিম কলিয়াবৰ , লাওখোৱা , বামুনী , পুৰনিগুদাম আৰু কামপুৰ মণ্ডলক লৈ কলিয়াবৰ সাংগাঠনিক জিলা গঠন কৰিছে বিজেপিয়ে ৷

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *