Spread the love

কাৰ আশীৰ্বাদত চলিছে হাৰিয়ানা কোম্পানীৰ ডাম্পাৰ।

প্ৰশাসনৰ নিৰ্দেশনাক ভেঙুচালি হাৰিয়ানা কোম্পানীৰ।

 

ওদালগুৰি জিলা ডাম্পাৰ সন্থাক আবদ্ধ কৰি সোধপোছ সাংবাদিকৰ ।

 

 

ওদালগুৰি জিলাত বহি:ৰাজ্যৰ ডাম্পাৰৰ দৌৰত্মাই অতিষ্ঠ কৰি তুলিছে ৰাইজৰ লগতে স্থানীয় ডাম্পাৰ সন্থাক।

 

আজি ওদালগুৰি জিলা ডাম্পাৰ সন্থাই হাৰিয়ানা কোম্পানীৰ ডাম্পাৰ আৱদ্ধ কৰি সোধপোচ কৰে। প্ৰশাসনে নিৰ্দেশনা জাৰি কৰা অনুসৰি ওদালগুৰি জিলাৰ মঙলদৈ ভূতিয়া চাং গুৰুত্বপূৰ্ণ পথ স্কুল কলেজৰ ছাত্ৰ -ছাত্ৰী, তথা ৰাইজৰ অসুবিধা সৃষ্টি কৰা বাবে টংলা টাউনত পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈকে ডাম্পাৰ চলাচল বন্ধ কৰিছিল । ওদালগুৰি জিলা সমিতিৰ ডাম্পাৰ সন্থাই সেই নিৰ্দেশ মানি চলিছিল যদিও বহি ৰাজ্যৰ অৰ্থাৎ হাৰিয়ানাৰ কোম্পানীৰ ডাম্পাৰে সেই নিৰ্দেশ ভেঙুচালি কৰি দিনে নিশাই শিল বালি মহলৰ পৰা কঢ়িয়াই আহিছে। অন ৰেলৱেই ডিউটি বুলি বিভিন্ন ঠাইত শিল বালি পেলাই আছে। যাক লৈ ওদালগুৰি জিলাৰ স্থানীয় ডাম্পাৰ সন্থাই অতিষ্ঠ হয় ওলাই আহি নিয়ম ভংগকাৰী ডাম্পাৰ সমূহক আবদ্ধ কৰি সোধপোচ কৰাৰ লগতে অনাগত দিনত আইনী ব্যৱস্থা গ্ৰহণ কৰিম বুলি হুংকাৰ প্ৰদান কৰে।

 


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *