Spread the love

কুমাৰীকাটাত কৃতী শিক্ষাৰ্থীক সম্বৰ্দ্ধনা ৷

কুমাৰীকাটা ২০ মে :–
তামুলপুৰ জিলাৰ বৃহত্তৰ কুমাৰীকাটা অঞ্চলৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়াৰ ক্ষেত্ৰত নিৰবিচ্ছিন্ন ভাৱে কাম কৰি অহা এটি অগ্ৰনি অনুষ্ঠান দক্ষিন কুমাৰীকাটা আঞ্চলিক পুথিভঁৰাল ৷ সোনালীজয়ন্তী অতিক্ৰম কৰা অনুষ্ঠানটোৱে জন্মলগ্নৰে পৰা সামাজিক উত্তৰনৰ হকে কাম কৰি আহিছে । আন বৰ্ষৰ দৰে এইবেলিওঁ অঞ্চলটোৰ পৰা সদ্যঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীসকলক যোৱা কালি নিশা অনুষ্ঠিত হোৱা এক সম্বৰ্দ্ধনা সভাত আনুষ্ঠানিক ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। দক্ষিন কুমাৰীকাটা আঞ্চলিক পুথিভঁৰাল পৰিচালনা সমিতিৰ সভাপতি সুবোধ দত্তৰ সভাপতিত্বত আৰম্ভ হোৱা সম্বৰ্দ্ধনা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰন সম্পাদক দিগন্ত মজুমদাৰে ৷ মানস প্ৰতীম সত্যেন্দ্ৰই আঁত ধৰা সম্বৰ্দ্ধনা সভাত অতিথি হিচাপে উপস্থিত থাকে বিধায়ক জলেন দৈমাৰী , বিটিআৰৰ দৰংগাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিৎ গৗৰা নাৰ্জাৰী , মৌজাদাৰ গৌতম তালুকদাৰ সমাজকৰ্মী মইনুল হ’ক চৌধুৰী প্ৰমুখ্যে বিশিষ্ট লোক সকল ৷ অনুষ্ঠানত দক্ষিন কুমাৰীকাটা অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পচিশ গৰাকী শিক্ষাৰ্থীক ৰাজহুৱা ভাৱে ফুলাম গামোচা একো একোখনকৈ শুভেচ্ছামূলক মান পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনাৰ উত্তৰত কেবাগৰাকী শিক্ষাৰ্থীয়ে অনাগত দিনত কি দৰে শৈক্ষিক জীৱন আৰম্ভ কৰিব তাৰ ওপৰত বক্তব্য ৰাখি সকলোৰে পৰা আশীৰ্বাদ বিচাৰে ৷ অনুষ্ঠানত বিধায়ক জলেন দৈমাৰীয়ে কয় যে – বাস্তৱত ফল পাবলৈ হ’লে সঠিক দিশেৰে আগবাঢ়িব যাব লাগিব আজৰি সময়ত নিজৰ মা – দেউতাৰ উপৰিও গ্ৰন্থৰ সৈতে বন্ধুত্ব স্থাপন কৰি জ্ঞান আহৰন কৰি নিজক প্ৰতিষ্ঠা কৰিব লাগিব । সামাজিক মাধ্যমৰ ভাল খিনি আহৰন কৰি নিজৰ নিজৰ লক্ষ্যৰে আগবাঢ়ি শৈক্ষিক যাত্ৰা আৰম্ভ কৰিব লাগিব বুলি কয়। তেওঁ পুনৰ কয়সযে ছাত্ৰছাত্ৰী সকলে দেখা সপোনবোৰ বাস্তৱত ৰূপায়ন কৰিবলৈ হ’লে অলপ কষ্ট কৰিব লাগিব ৷ একেটা অনুষ্ঠানতে দক্ষিণ কুমাৰীকাটা আঞ্চলিক পুথিভঁৰালৰ উপদেষ্টা চিনাকান্ত বসুমতাৰীয়ে কৃতিমান সকলক লক্ষ্য কৰি উপদেশ মূলক কিছু কথা অৱগত কৰাৰ লগতে তেওঁ কয় যে লক্ষ্যত উপনীত হবলৈ কিছু এৰা ধৰা কৰি আগবাঢ়িব লাগিব ৷ শিক্ষক সকলে ছাত্ৰছাত্ৰীক নিস্বাৰ্থভাবে প্ৰেৰনা দিয়ে ৷ ইচ্ছা থাকিলে জীৱনত টান বুলি কোনো কথা নাথাকে , সময়ত সকলো কথাই সম্ভৱ হৈ পৰে বুলি কৈ পুনৰ কয় যে ছাত্ৰছাত্ৰী সকলে জীৱনত সফল হ’বলৈ হ’লে যোগাত্মক দৃষ্টিভংগীৰে ভৱিষ্যতৰ দিনত আগবাঢ়িব লাগিব ৷ এম চি এল এ বিজিত গৗৰা নাৰ্জাৰীয়েও বক্তব্য ৰাখি কৃতিমান শিক্ষাৰ্থী সকলৰ ভৱিষ্যত উজ্বল কামনা কৰে। আজি অনুষ্ঠানত দক্ষিণ কুমাৰীকাটা আঞ্চলিক পুথিভঁৰালৰ উপ সভাপতি গিৰিধৰ কলিতা ,শিৱ ৰাম দাস, ডুলুজি ভড়ালী সমন্বিতে পুথিভঁৰালৰ সমূহ সদস্য কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *