Spread the love

কুমাৰীকাটাত ট্ৰেংকাৰ দুৰ্ঘটনা এজন নিহত কেইবাজনো গুৰুতৰ ভাবে আহত ।

তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ দক্ষিণ কুমাৰীকাটাৰ চকত আজি সন্ধিয়া ৭ মান বজাত ভুটানৰ পৰা জিপচাম কঢ়িয়াই অনা ১২ চকীয়া ট্ৰেইলৰ এখনে নিয়ন্ত্ৰন হেৰুৱাই চাহৰ দোকান এখন মহতিয়াই নি মানুহ থকা ঘৰত সুমাই যায় । জানিব পৰা মতে চাহৰ দোকানত থকা এজনী তিৰোতা ঘটনাসথলীতে মৃত্যু হয় । আৰু চাৰিজন গুৰুতৰ ভাবে আহত হয় । ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনা স্থলীত হাজাৰ হাজাৰ লোক উপস্থিত হৈ পৰিস্থিতি উত্তেজিত কৰি তোলে যদিও তামুলপুৰৰ বিধায়ক আৰু দৰংগাজুলীৰ এমচিএলএ বিজিত গৌড়া নাৰ্জাৰীয় উপস্থিত হৈ আৰক্ষীৰ লগত মিলি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ভূটানৰ পৰা অহা পি বি ০৪ এই ই ৮১৮০ নম্বৰৰ মালবাহী ট্ৰেলাৰে মহিটিয়াই নিয়ে তপন কলিতাৰ বাসগৃহ। মৃত মহিলা গৰাকী গীতা ডেকা (৫০)। আনপিনে আহত ৰুপম ডেকা ,ৰিশী শৰণীয়া ,ধৰিত্ৰী ডেকা আৰু ফটিক আৰ্য গুৰুতৰ ভাবে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰন কৰে ৰাইজে অভিযোগ কৰা মতে নিশা হলে ভুটান — ৰঙিয়া পথত মালবাহি ড্ৰাম্পাৰ , টেইলাৰ আদিৰ দৌৰাত্মৰ ফলতে কেইবাজনো লোক মৃত্যু মুখত পৰিছে ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed