Spread the love

[ad_1]

আনহাতে বিটিচি প্ৰধান প্ৰমোদ বড়োই কয় যে, বড়োলেণ্ডত স্থায়ী শান্তি ঘূৰি আহিছে । চাৰিবছৰ আগত কোনেও কল্পনা কৰিব পৰা নাছিল যে বড়োলেণ্ডত শান্তি ঘূৰি আহিব কিন্তু আজি আমি শান্তি উদযাপন কৰিলো । বড়োলেণ্ডত শান্তি ঘূৰি অহাৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অৱদান উল্লেখ কৰি ২০২০ চনত চৰকাৰে শান্তি চুক্তি সম্পন্ন কৰাৰ পিছতে অঞ্চললৈ স্থায়ী শান্তি ঘূৰি আহিল।

আওপকীয়াকৈ বিপিএফৰ নেতাসকলক কটাক্ষ কৰি প্ৰমোদ বড়োয়ে কয় যে তেতিয়াৰ নেতাসকলে শান্তিৰ কথা ক’ব পৰা নাছিল। কিন্তু আমি প্ৰথম পৰ্যায়তে ১০০ শতাংশ সফল কিয়নো ইয়াত এতিয়া সকলো নিৰাপদ ।

আমাৰ উদ্দেশ্য আছিল শান্তি আৰু উন্নয়ন সেয়া বড়োলেণ্ড এলেকাত কাৰ্যকাৰী হৈছে। প্ৰথম পৰ্যায়ত যি লক্ষ্য লোৱা হৈছিল সেইক্ষেত্ৰত আমি সফল আৰু অনাগত সময়ছোৱাতো সকলোৱে একত্ৰিত হৈ শান্তি , নিৰাপত্তা অব্যাহত ৰাখিম ।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *