Spread the love

[ad_1]

ভাৰত জোড়ো যাত্ৰাই কংগ্ৰেছক শক্তিশালী বিৰোধী দল হিচাপে প্ৰতিষ্ঠা কৰাত যে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে তাত কোনো সন্দেহ নাই। এই জনসংযোগ অভিযানে ৰাহুল গান্ধীক কংগ্ৰেছৰ নেতা হিচাপেও জনপ্ৰিয়তা আৰু প্ৰাসংগিকতা বৃদ্ধি কৰিলে। সেই জনপ্ৰিয়তাৰ ধাৰাটো বজাই ৰাখিবলৈ পুনৰ আগবাঢ়িছে কংগ্ৰেছ।

সূত্ৰ অনুসৰি কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ পূৰ্বে দ্বিতীয় পৰ্যায়ৰ ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিব বিচাৰিছে। অহা বছৰৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত কংগ্ৰেছে আৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰা। এইবাৰো এই যাত্ৰাৰ নেতৃত্ব ল’ব ৰাহুল গান্ধীয়ে।

কংগ্ৰেছৰ জানিব পৰা মতে ভাৰত জুড়ো যাত্ৰা ২.০ এইবাৰ অলপ বেলেগ হ’ব। এইবাৰ পদযাত্ৰাৰ উপৰি কংগ্ৰেছ নেতাসকলে গাড়ীৰেও জনসংযোগ কৰিবলৈও বিভিন্ন ৰাজ্যত উপস্থিত হ’ব।

প্ৰথম ভাৰত জোড়ো যাত্ৰাত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজকাঢ়ি যাত্ৰা কৰিছিল ৰাহুল গান্ধীয়ে। সূত্ৰ অনুসৰি ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় পৰ্যায়ৰ বাবে দুটা পথৰ কথা চিন্তা কৰা হৈছে। কংগ্ৰেছে উত্তৰ ভাৰতৰ এখন ৰাজ্যৰ পৰা এই যাত্ৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

জানিব পৰা মতে, এইবাৰৰ যাত্ৰাত উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যই মূল কেন্দ্ৰবিন্দু হ’ব। এইটোও সূত্ৰৰ জৰিয়তে জনা গৈছে যে কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ দ্বাৰা বিজেপিক ত্ৰস্তমান কৰিব পাৰে। যিহেতু এই যাত্ৰাত প্ৰায় সকলো বিৰোধী দলৰ নেতাই অংশগ্ৰহণ কৰিব।

অহা ২১ ডিচেম্বৰত কংগ্ৰেছৰ কৰ্মগোটৰ বৈঠক অনুষ্ঠিত হ’ব। সেই সভাত ভাৰত জোড়ো যাত্ৰা ২.০ৰ বিষয়ে আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব পাৰে।

প্ৰসংগক্ৰমে, ২০২২ চনৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল প্ৰথম ভাৰত জোড়ো যাত্ৰা। ৪০৮০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ১২৬ দিনত ১২খন ৰাজ্যৰ ৭৫খন জিলাৰ মাজেৰে পাৰ হৈ ২০২৩ চনৰ জানুৱাৰী মাহত জম্মুকাশ্মীৰৰ শ্ৰীনগৰত সমাপ্ত হৈছিল এই যাত্ৰা।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed