Spread the love

খাটৰবাৰী হাইস্কুলত অসম আয়ুৰ্বেদিক স্নাতকোত্তৰ চিকিৎসক সন্থাৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা আৰু চিকিৎসা শিবিৰ।

 

১০ ফেব্ৰুৱাৰী-

 

তামুলপুৰ জিলাৰ নাগ্ৰীজুলিস্থিত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম আয়ুৰ্বেদিক স্নাতকোত্তৰ চিকিৎসক সন্থাৰ উদ্যোগত আজি ছাত্র-ছাত্ৰী সকলৰ মাজত স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। আজি পুৱা শিবিৰৰ দুৱাৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক হিৰেন্দ্ৰ কুমাৰ নাৰ্জাৰীয়ে। শিবিৰৰ দুৱাৰ মুকলি কৰাৰ পিছত বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত তথা বিদ্যালয়ৰ শিক্ষক ৰাৱেন ৰাভাই আঁত ধৰা সভাত সভাপতিত্ব কৰে হিৰেন্দ্ৰ কুমাৰ নাৰ্জাৰীয়ে। নাগ্ৰীজুলি টিচিএলচিচিৰ অধ্যক্ষ ৰামপ্ৰসাদ বাস্তলাই অংশ গ্ৰহণ কৰি সজাগতা সভাখন মুকলি কৰি ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি ভাষণ ৰাখে। নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ মনোহৰ দাসৰ উপৰিও ডাঃ প্ৰণৱজ্যোতি দাস, ডাঃ অঞ্জুমণি ডেকা আৰু ডাঃ অক্ষয় কালিতাইও সভাত ছাত্র ছাত্ৰী সকলৰ স্বাস্থ্যৰ ওপৰত আৰু কৈশোৰ কালত ছাত্ৰ ছাত্ৰী সকলে সম্মুখীন হোৱা সমস্যাৰ ওপৰত সুন্দৰকৈ ভাষণ ৰাখে আৰু লবলগীয়া সবাধানতাৰ বিষয়ে বুজাই কয়। সভাৰ অন্তত চিকিৎসক সকলে শতাধিক ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্রী সকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *