Spread the love

খামন পথাৰ ইমানুৱেল ইংলিছ স্কুলত বিশ্ব পৰিবেশ দিৱস।*

 

 

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ খামন পথাৰ অঞ্চলত অৱস্থিত ইমানুৱেল ইংলিছ স্কুলত আজি উদযাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস।পুৱা ভাগত কেটেতঙৰ নাৰ্ছাৰী শাখাৰ চৌহদত বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপন কৰে।পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি স্কুল কতৃপক্ষই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ উত্তীৰ্ণ কীৰ্তি শিক্ষাৰ্থীসকলক স্কুল কতৃপক্ষই ফুলাম গামোচা আৰু উপহাৰ টোপোলাৰে অভিনন্দন জনায়।উল্লেখ্যে যে এশ শতাংশ উত্তীৰ্ণ ধাৰা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে স্কুলখনে।গ্ৰাম্য অঞ্চলটোৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ বহু ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰি আহিছে স্কুল কৰ্তৃপক্ষই।শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী,অভিভাৱক- অভিভাৱিকা অভিনন্দন জ্ঞাপন অনুষ্ঠানত উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *