Spread the love

খৈৰাবাৰীত বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান।

 

সদৌ বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াক ওদালগুৰি জিলালৈ আদৰণি আৰু শুভেচ্ছা জনোৱাৰ উদ্দেশ্য আজি ওদালগুৰি জিলা বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত খৈৰাবাৰীত এটি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

 

অনুষ্ঠানৰ জৰিয়তে কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত সভাপতি হৰেন দাস ,সম্পাদক শুভ মজুমদাৰৰ লগতে কেন্দ্ৰীয় সমিতিৰ আন আন বিষয়ববীয়া সকলক আহি থকা দিনত জাতিটো উত্তৰণ ক্ষেত্ৰত সৱল নেতৃত্ব বহন কৰিবলৈ শুভেচ্ছা তথা সম্বৰ্ধনা জ্ঞাপন কৰে।

 

অনুষ্ঠানত ওদালগুৰি জিলা ফেডাৰেচনৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়া সকলৰ লগতে, নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সহিতে সদৌ বিটিআৰ বঙালী ফেডাৰেচনৰ উপদেষ্টা শ্যামল সৰকাৰৰ লগতে আন কেইবা গৰাকী স্বনাম ধন্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *