Spread the love

খৰাঙে দহিছে সমগ্ৰ ৰাজ্য , গোৰেশ্বৰত খেতিপথাৰত নাই এটুপি পানী কৃষকৰ মাজত হাহাকাৰ।

 

গোৰেশ্বৰ-২৭মেঃ

 

খৰাঙে দহিছে সমগ্ৰ ৰাজ্য। তামুলপুৰ জিলাৰ গোৰেশ্বৰ অঞ্চলৰ কৃষক ৰাইজো খৰাংৰ বাবে এতিয়া মুৰে কপালে হাত দিব লগীয়া হৈছে। জেঠ মাহলৈ হোৱা নাই পৰ্যপ্ত বৰষুণ। বৃহত্তৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ কৃষিপথাৰত এতিয়া চিৰাল ফাট। কৌটি টকীয়া শুক্লাই জলসিঞ্চন প্ৰকল্পৰ বান্ধৰ পৰাও কৃষকে লাভ কৰা নাই এটুপি পানী। শ-শ কৌটি টকা খৰচ কৰি শুক্লাই জলসিঞ্চন প্ৰকল্পৰ উন্নীতকৰণৰ কাম চলি থকাৰ পিছতো কৃষকৰ বাবে পানী যোগান ধৰা বিফল হৈছে প্ৰকল্পটো।

পানীৰ অভাৱত এতিয়াও কৃষকে কঠিয়া সিচিব পৰা নাই। গোৰেশ্বৰ ৰাজহ চক্ৰৰ ৰামছা, জাৰমালা, বৰফুলচ’কী,আউৰীয়াপাৰা আদি গাওঁৰ কৃষকে মুৰে কপালে হাত দিছে। যি সময়ত পূৰ্বে আন ঠাইত পানী অভাৱ হ’লে কিছু দ’ অঞ্চলত কেতিয়াও পানীৰ অভাৱ হোৱা নাছিল তেনে কৃষি ভূমিও এইবাৰ পৰিছে খৰাংৰ কবলত। পানীৰ অভাৱত মুৰে কপালে হাত দিছে কৃষক ৰাইজে। বৰুণ দেৱতাক অপেক্ষা কৰি কৰি তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ কৃষকৰ লাগিছে হাহাকাৰ।কোনো এখন গাওঁৰ ৰাইজে পানীৰ অভাৱত পথাৰত নামিব পৰা নাই। নাওকাটা, বাঙাৱীপাৰা, মহৰিপাৰা, গুৰমৌ, কলাকুছি, হাজলপাৰা আদি গাওঁত কৃষকে কেবল বাট চাইছে এজাক বৰষুণলৈ।

উল্লেখ্য যে পথাৰত পানী যোগান ধৰিবলৈ এতিয়াও কোনোধৰণৰ পদক্ষেপ গ্রহণ কৰা নাই শুক্সাই জলসিঞ্চন বিভাগে । উন্নয়নৰ শ্লোগান দিয়া চৰকাৰ খনৰ সময়ত জিলাখনত পৰ্যাপ্ত পৰিমাণৰ জলসিঞ্চন যোগান ধৰিবলৈ অসমৰ্থ চৰকাৰ প্ৰশাসন।

আনহাতে শুক্লাই বান্ধৰ মূল নলা পকী কৰণৰ কাম চলি আছে যদিও বহু ঠাইত এতিয়া কাম সমাপ্ত হোৱা নাই। কৃষক ৰাইজে অতি শীঘ্ৰেই শুক্লাই জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে পানী যোগান ধৰিবলৈ দাবী জনাইছে যাতে কঠিয়া পাৰিব পাৰে। একাংশ কৃষকে নিজা প্ৰচেষ্টাত কৃষকে কঠীয়া পাৰিবলৈ আৰম্ভ কৰিছে যদিও তীব্ৰ গ্ৰীষ্ম প্ৰকোপ আৰপ পানী অভাৱত তেনে কঠীয়াও ৰঙা পৰিবলৈ আৰম্ভ কৰিছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *