Spread the love

খৰাঙে দহিছে ৰাজ্য। তামুলপুৰ জিলাৰো কৃষিপথাৰত এতিয়া পানীৰ অভাৱত মুৰে কপালে হাত দিছে কৃষক ৰাইজে।

 

বৰুণ দেৱতাক অপেক্ষা কৰি কৰি তামুলপুৰ জিলাৰ কৃষকৰো লাগিছে হাহাকাৰ। জিলাখনৰ বানগুৰি, হাউলী পথাৰত আজি পুৱাৰে পৰা মটৰেৰে পানী তুলি কৃষিকাৰ্য্য কৰিবলৈ চেষ্টা চলাইছে কৃষক ৰাইজে। উল্লেখ্য যে পথাৰত পানী যোগান ধৰিবলৈ এতিয়াও কোনোধৰণৰ পদক্ষেপ গ্রহণ কৰা নাই জলসিঞ্চন বিভাগে । উন্নয়নৰ শ্লোগান দিয়া চৰকাৰ খনৰ সময়ত জিলাখনত পৰ্যাপ্ত পৰিমাণৰ জলসিঞ্চন যোগান ধৰিবলৈ অসমৰ্থ চৰকাৰ প্ৰশাসন। কিছু কিছু ঠাইত জলসিঞ্চন আছে যদিও পানী যোগানত ব্যৰ্থ, বিকল জলসিঞ্চন আঁচনি। এতিয়া এনেদৰেই কৃষকে কঠীয়া পাৰি বলৈ আৰম্ভ কৰিছে ৷ আনহাতে একাংশই পথাৰত কঠীয়া সিচিছে যদিও খৰাংৰবাবে ৰঙা পৰিছে কঠীয়া ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *