Spread the love

গোৰেশ্বৰত এন এফ ৰেলৱৈ মজদুৰ ইউনিয়নৰ ৰঙিয়া শাখাৰ ৫৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

 

শনিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে গোৰেশ্বৰ ৰেলৱে ষ্টেচন ভৱনত অনুষ্ঠিত হয় সভাখন।

 

সভাত নতুন পেঞ্চন আচঁনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি বাহাল ৰখা

 

ৰঙিয়াৰ পৰা মাজবাট লখিমপুৰলৈ বাৰ ঘন্টীয়া কামৰ ৰোষ্টাৰ বাতিল কৰা ,

 

উন্নত মানৰ ষ্টাফ কোৱাৰ্টাৰ নিৰ্মাণ কৰা, ৰেলৱ’ৰ ব্যক্তিগতকৰণ বন্ধ কৰা,খালী পদত নিযুক্ত প্ৰদান কৰা আদি দাবী উত্থাপনৰ প্ৰস্তাৱ লয় ।

 

 

উক্ত সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আশীষ বিশ্বাসৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া চুচেন হাজৰিকা আৰু এচ মুছাহাৰী

 

সভাতে কমল কলিতাক সভাপতি আৰু ফকৰুদ্দিন আহমেদ সম্পাদক হিচাপে লৈ ৰঙিয়া শাখা এনএফ ৰেলৱে’ৰ মজদুৰ ইউনিয়নৰ নতুন সমিতিখনো গঠন কৰা হয়।

 

 

 

তামুলপুৰ জিলাৰ গোৰেশ্বৰত এন এফ ৰেলৱৈ মজদুৰ ইউনিয়ন ৰঙিয়া শাখাৰ ৫৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন আজি ১৮ মে’ত অনুষ্ঠিত হৈ যায় ।গোৰেশ্বৰ ৰেলৱে ষ্টেচন ভৱনত এন এফ ৰেলৱৈ মজদুৰ ইউনিয়ন ৰঙিয়া শাখাৰ সভাখন সভাপতিত্ব কৰে সভাপতি কমল কলিতাই ।ইপিনে সভাত ইউনিয়নৰ কেবাটাও দাবীৰ ভিতৰত প্ৰধানকৈ নতুন পেঞ্চন আচঁনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি বাহাল ৰখাৰ দাবী উত্থাপন কৰা হয়। ইয়াৰ লগতে ৰঙিয়াৰ পৰা মাজবাট লখিমপুৰলৈ বাৰ ঘন্টীয়া কামৰ ৰোষ্টাৰ বাতিল কৰা , উন্নত মানৰ ষ্টাফ কোৱাৰ্টাৰ নিৰ্মাণ কৰা, ৰেলৱ’ৰ ব্যক্তিগতকৰণ বন্ধ কৰা,খালী পদত নিযুক্ত প্ৰদান কৰা আদি দাবী পূৰণ কৰিবলৈ ইউনিয়নে সজোৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব বুলি ব্যক্ত কৰে।ইফালে উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আশীষ বিশ্বাসৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া চুচেন হাজৰিকা আৰু এচ মুছাহাৰী উপস্থিতিত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নন্দ লাল সোনৱালক ফুলাম জাপি শৰাইৰে সম্বৰ্ধনা জনোৱা হয়।উল্লেখ যে আজিৰ সভাতে কমল কলিতাক সভাপতি আৰু ফকৰুদ্দিন আহমেদ সম্পাদক হিচাপে লৈ ৰঙিয়া শাখা এনএফ ৰেলৱে’ৰ মজদুৰ ইউনিয়নৰ নতুন সমিতিখনো গঠন কৰা হয়।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *