Spread the love

গোৰেশ্বৰত মানচুম ডান্স ফ্ল’ৰ উদ্যোগত নৃত্য আৰু মডেলিং প্ৰতিযোগিতা

গোৰেশ্বৰ-২৭মেঃ

 

 

মানচুম ডান্স ফ্ল’ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত কৰে প্ৰতিযোগিতাখনি

 

ৰবিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে গোৰেশ্বৰৰ কলাগুৰু বিষ্ণুৰাভা ভৱনত অনুষ্ঠিত হয় নৃত্য প্ৰতিযোগিতা, মডেলিং প্ৰতিযোগিতাৰ

 

নতুন প্ৰজন্মৰ মাজত নৃত্য চৰ্চা,গ্ৰাম্যাঞ্চলৰ প্ৰতিভা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ লক্ষ্য মানচুম ডান্স ফ্ল’ৰ ৷

 

 

 

তামুলপুৰ জিলাৰ গোৰেশ্বৰত মানচুম ডান্স ফ্ল’ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰে । তদুপলক্ষে কাৰ্যসুচীৰ লগত সংগতি ৰাখি নৃত্য আৰু মডেলিং প্ৰতিযোগিতাৰ আয়োজন কৰে। গোৰেশ্বৰস্থিত স্থানীয় কলাগুৰু বিষ্ণুৰাভা ভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে মানচুম ডান্স ফ্ল’ৰ টীমৰ উদ্যোগত আয়োজিত কাৰ্যসূচী অনুসৰি নৃত্য প্ৰতিযোগিতা, মডেলিং প্ৰতিযোগিতা আৰু বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী উদযাপিত কৰা হয়। মানচুম ডান্স ফ্ল’ৰৰ স্বত্বাধিকাৰী মানচুম পাঠকে জানিব দিয়া মতে নতুন প্ৰজন্মৰ মাজত নৃত্য চৰ্চাৰ মাজৰে নতুন প্ৰজন্মক আগুৱাই নিয়াৰ চিন্তা চৰ্চাৰে আৰম্ভ কৰা মানচুম ডান্স ফ্ল’ৰৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ প্ৰতিভা সমূহ চিনাক্ত কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই নিয়াৰ লক্ষ্যৰে কাম কাজ কৰি আছে নৃত্য প্ৰশিক্ষণ কেন্দ্ৰটোৱে।আৰু গোৰেশ্বৰবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে তেওঁ ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *