Spread the love

 

গোৰেশ্বৰত সদৌ অসম আন্তঃজিলা ৰাগবী টুৰ্নামেন্টৰ আয়োজন ।

 

জুনিয়ৰ আৰু চিনিয়ৰ ল’ৰা আৰু ছোৱালীৰ উভয়তে হ’ব ৰাগবী খেলখন ৷

 

*খেলত প্ৰায় ১১খনকৈ জিলাৰ খেলুৱৈৱে কৰিব অংশগ্ৰহণ* ৷

 

উক্ত খেলতে *পুনেত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ৰাগবী খেলৰ বাবেও হব বাচনি শিবিৰ*

 

অহা ১ আৰু ২ জুনত গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হবলগীয়া খেলখনৰ বাবে বৃহস্পতিবাৰে সন্ধিয়া মুকলি কৰে কাৰ্যালয়

 

অস্থায়ী কাৰ্যালয়টি ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে তামুলপুৰ জিলা ৰাগবী সন্থাৰ কাৰ্যকৰী সভাপতি বিশ্বজিৎ ডেকাই

 

 

অসম ৰাগবী সন্থাৰ আহ্বান মৰ্মে আৰু তামুলপুৰ জিলা ৰাগবী সন্থাৰ উদ্যোগত অহা ১ আৰু ২ জুনত তামুলপুৰ জিলাৰ গোৰেশ্বৰত অনুষ্ঠিত হ’ব আন্তঃজিলা ৰাগবী টুৰ্নামেন্ট ।

চতুৰ্থ সদৌ অসম আন্তঃজিলা জুনিয়ৰ আৰু চিনিয়ৰ ল’ৰা আৰু ছোৱালীৰ উভয়ৰে বাবে আয়োজিত হ’ব লগীয়া ৰাগবী খেলৰ বাবে উদ্যোক্তা সকলে প্ৰস্ততি চলাইছে। সেই মৰ্মে আজি ১৬ মে’ত গোৰেশ্বৰৰ মাজমজিয়াত আন্তঃজিলা ৰাগবী টুৰ্নামেন্টৰ আদৰণি সমিতিৰ এটি কাৰ্যালয় সন্ধিয়া মুকলি কৰা হয়। কাৰ্যলয় মুকলি কৰাৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে আদৰণি সমিতিৰ সভাপতি মন্টুৰাম ডেকাই। আদৰণি সমিতিৰ সম্পাদক পূৰ্ণ ডেকাই আত ধৰা কাৰ্যালয় মুকলি অনুষ্ঠানত ৰঙা ফিটা কাটি অস্থায়ী কাৰ্যালয়টো মুকলি কৰে তামুলপুৰ জিলা ৰাগবী সন্থাৰ কাৰ্যকৰী সভাপতি বিশ্বজিৎ ডেকাই। ইয়াৰ পিছতে উদ্যোক্তা সকলে সংবাদ মাধ্যমৰ জৰিয়তে ক্ৰীড়াপ্ৰেমী ৰাইজক সম্বোধন কৰি এখন সংবাদ মেলৰো আয়োজন কৰে। উল্লেখ্য যে অসমৰ প্ৰায় এঘাৰ খন জিলাৰ খেলুৱৈৱে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। উক্ত আন্তঃজিলাৰ খেলৰ পিছত পুনেত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ৰাগবী খেলৰ বাবেও বাচনি শিবিৰ অনুষ্ঠিত হ’ব আৰু যোগ্য খেলুৱৈ সকলে অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় ৰাগবী খেলত অংশগ্ৰহণ কৰিব। অসমত ক্ৰমাৎ জনপ্ৰিয়তা লাভ কৰা এই ৰাগবী খেল সফল কৰিবলৈ আয়োজক সমিতিৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *