Spread the love

গোৰেশ্বৰৰ আউৰীয়াপাৰাত ৰঙালী বিহুৰ পাৰভঙা উচাহ ৷

গোৰেশ্বৰ: ১৪এপ্ৰিল

 

অসমীয়া জাতীয় জীৱনৰ বাপুতি সাহোন ৰঙালী বিহুত সকলোৰে গা সাতখন আঠখন ৷

 

ঢোল পেপা গগনাৰ মাতত ৰজনজনাইছে গোৰেশ্বৰৰ আউৰীয়াপাৰাত ৷

 

বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰে উদযাপন হেপাহৰ ৰঙালী বিহুটি ৷

 

জনগোষ্ঠীয় নৃত্য সমাহাৰেৰে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে গোৰেশ্বৰৰ আউৰীয়াপাৰাত ৷

 

আউৰীয়াপাৰা বিহু দলৰ উদ্যোগত আৰু লাচিত বৰফুকন সোৱৰণি পুথিভঁৰাল সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে ১৯ সংখ্যক ৰঙালী বিহু উদযাপন।

 

ৰবিবাৰে অৰ্থাৎ ১ বহাগৰ দিনা সামৰণি পৰিব আউৰীয়াপাৰাৰ ৰঙালী বিহু ৷

 

সমাৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাগৰাকীও কন্ঠশিল্পীৰ দ্বাৰা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *