Spread the love

গোৰেশ্বৰৰ আৰ্যভট্ট আইডিয়েল একাডেমিৰ এশ শতাংশ উত্তীৰ্ণ

 

গোৰেশ্বৰ,৯মে

 

তামুলপুৰ জিলাৰ গোৰেশ্বৰ অঞ্চলৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান আৰ্যভট্ট আইডিয়েল একাডেমি(বিজ্ঞান আৰু কলা শাখা)য়ে আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সাফল্যৰ ধাৰা অক্ষুন্ন ৰাখিৱলৈ সক্ষম হয় ৷আৰ্যভট্ট আইডিয়েল একাডেমীৰ বিজ্ঞান শাখাত মুঠ ৪৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত প্ৰথম বিভাগত ১২ গৰাকী,দ্বিতীয় বিভাগত ২৯ গৰাকী আৰু তৃতীয় ৩ গৰাকী উত্তীৰ্ণ হৈ এশ শতাংশ উত্তীৰ্ণ হয় লগতে কলা শাখাত মুঠ ২৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৮ গৰাকী, দ্বিতীয় ১৪ আৰু তৃতীয় ৪গৰাকীয়ে উৰ্ত্তীৰ্ণ দৈ এশ শতাংশ উৰ্ত্তীণ হৈ সুনাম কঢ়িয়াই আনে।ইপিনে একাডেমিখনৰ সাফল্যত অধ্যক্ষগৰাকীয়ে সকলোকে কৃতজ্ঞতা তথা ধন্যবাদ জনায় অনাগত দিনতো সুনাম কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *