Spread the love

 

গোৰেশ্বৰৰ চেনীগাওঁত বড়ো জনগোষ্ঠীয়সকলৰ ৰংজালী বৈশাগুৰ আনন্দ ৷

 

ৰংজালী বৈশাগুত বাগুৰুম্বা চিফুং,খাম আৰু চেৰজাৰ তালে তালে বৈশাগু নৃত্যত মগ্ন হল চিখলা – চেংৰাই

 

বাৰদৈচিখলা দৈমা গেজেৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হয় ৰংজালী বৈশাগু ।

 

অনুষ্ঠানত কেইবাটাও বড়ো জনগোষ্ঠীয় দলে কৰে অংশগ্ৰহণ ।

 

ইপিনে ৰংজালী বৈশাগুৰ অনুষ্ঠানৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে ইউপিপিএল নেতা প্ৰদীপ নাৰ্জাৰীয়ে ।

 

ৰাজ্যৰ চৌদিশে ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ৷ বিহুৰ আনন্দত মতলীয়া সকলো ৷বিহুতলীৰ বাকিৰত পাৰভঙা উচাহ ৷গোৰেশ্বৰতো দেখা গল বড়ো জনগোষ্ঠীয় লোকসকলৰ ৰংজালী বৈশাগুৰ আনন্দ৷ গোৰেশ্বৰৰ চেনীগাওঁ বাৰদৈচিখলা দৈমা গেজেৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত ৰংজালী বৈশাগুত মঙ্গলবাৰে বাগুৰুম্বা চিফুং,খাম আৰু চেৰজাৰ তালে তালে বৈশাগু নৃত্যত মগ্ন হল চিখলা – চেংৰাই ৷ ৰংজালী বৈশাগু অনুষ্ঠানত কেইবাটাও বড়ো জনগোষ্ঠীয় দলে প্ৰদৰ্শন কৰে বৈশাগু নৃত্য। ইপিনে ইউপিপিএল নেতা প্ৰদীপ নাৰ্জাৰীয়ে ৰংজালী বৈশাগুৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰা অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *