Spread the love

 

ৰাজ্যৰ চৌদিশে অব্যাহত আছে ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ

ব্যতিক্ৰম নহয় গোৰেশ্বৰৰ মকুণ্ডপুৰ কাড়িপাৰাবাসী ৰাইজ।

মঙ্গলবাৰে দিনজোৰা কাৰ্যসুচীৰে গামোচা বিহু দলৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হয় মুকলি বিহু প্ৰতিযোগিতা।

১৫১ নং কাড়িপাৰা প্ৰাথমিক বিদ্যালয় বাকৰিত অনুষ্ঠিত হয় মুকলি বিহু প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে *যুৱ সমাজকৰ্মী কাৰ্ত্তিক মোমাই বড়োই* ৷

ইপিনে মুকলি বিহু প্ৰতিযোগিতাত কেবাটাও বিহু দলে কৰিছে অংশগ্ৰহণ ৷

ৰাজ্যৰ চৌদিশে অব্যাহত আছে ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ৷বিহুৰ আনন্দত মতলীয়া সকলো ৷ বিহুতলীৰ বাকিৰত পাৰভঙা উচাহ ৷ব্যতিক্ৰম নহয় গোৰেশ্বৰৰ মকুণ্ডপুৰ কাড়িপাৰাত। গামোচা বিহু দলৰ উদ্যোগত আৰু মকুণ্ডপুৰ কাড়িপাৰা গাওঁবাসীয়ে উদযাপন কৰিলে ৰঙালী বিহু ৷ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৫১ নং কাড়িপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত উদযাপন কৰা হয় ৰঙালী বিহু। কাৰ্যসূচী মৰ্মে পুৱা বিহু পতাকা উত্তোলন কৰে বিহু উদযাপন সমিতিৰ সভাপতি ৰূপম ডেকাই। ইয়াৰ পিছতে স্মৃতি তৰ্পন আৰু বৃক্ষৰোপন কাৰ্যসূচী সমাপন হয়। দিনৰ এঘাৰ বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পিছতে খেল ধেমালি প্ৰতিযোগিতা,দিনৰ ৩ বজাত স্বচ্ছ অভিযান আৰু ৪ বজাত বন্তি প্ৰজ্বলন কৰা হয়। ইপিনে আকৰ্ষনীয় মুকলি বিহু প্ৰতিযোগিতা সন্ধিয়া প্ৰায় ৬ বজাত উদ্ধোধন কৰে কাৰ্ত্তিক মোমাই বড়োই। প্ৰতিযোগিতাত কেবাটা বিহু দলে অংশগ্ৰহণ কৰে। আনহাতে মুকলি বিহু বাকৰিত কেবাজনো বিশিষ্ট ব্যক্তি উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *