Spread the love

গোৰেশ্বৰৰ মেধাৱী ছাত্ৰৰ নিৰুদ্দেশৰ ঘটনাক লৈ চাঞ্চল্য# ৰঙিয়া শিক্ষক-প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰ বিতোপন ৰাজবংশী নিখোজ

 

#বগামাটিত উদ্ধাৰ ছাত্ৰজনৰ দুচকীয়া বাহন#

 

 

তামুলপুৰ জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত শিঙিমাৰী গাওঁৰ এজন মেধাৱী ছাত্ৰ সোমবাৰৰ পৰা নিখোজ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিঙিমাৰী হাইস্কুলৰ সহকাৰী শিক্ষক মহিন ৰাজবংশীৰ একপুত্ৰ পুত্ৰ সন্তান বিতোপন ৰাজবংশী(২৪) ২০ মে’ৰ পৰা নিৰুদ্দেশ হৈছে ৰহস্যজনক ভাৱে। কালি ৰঙিয়া বিএড কলেজ ( শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়) লৈ ক্লাচ কৰিবলৈ বুলি ওলাই গৈছিল বিতোপন ৰাজবংশী। ৰঙিয়া বিএড কলেজৰ প্ৰথম বাৰ্ষিকৰ অতি নিৰ্জু আৰু অমায়িক স্বভাৱৰ ছাত্ৰজন কলেজলৈ বুলি ওলাই গৈ বিয়লি ৫ বজালৈ ঘৰলৈ উভটি নহাত পিতৃ-মাতৃয়ে ফোন কৰে। কিন্তু বিতোপনৰ ফোন কেবাবাৰো ৰিং হৈছিল যদিও ফোন ধৰা নাছিল। সেই মৰ্মে সন্দেহ ওপজাত সন্ধিয়াৰ পিছত পিতৃ মহিন ৰাজবংশীয়ে গোৰেশ্বৰ থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ছাত্ৰজনৰ মোবাইলৰ লোকেশ্বন ট্ৰেক কৰি তামুলপুৰ নিকটৱৰ্তী গুৱাৰাবীত স্থিতি ধৰা পেলাই। সেই মৰ্মে আৰক্ষীৰ সহযোগত পৰিয়ালৰ লোকে ছাত্ৰজনৰ বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান লাভ নকৰিলে। ইপিনে ছাত্ৰজনৰ মোবাইল ফোন ৰিং কৰি আছিল যদিও ৰাতিৰ পিছত বন্ধ হৈ পৰে মোবাইল ফোন।

 

ইপিনে ৰহস্যজনক ভাৱে বিতোপন ৰাজবংশী দুচকীয়া বাহন খন আজি বগামাটিৰ উদ্ধাৰ কৰা হয়।এএছ ২৮ ই ৬৯০২ গ্লেমাৰ বাইকখন বাগমাটিত উদ্ধাৰ হোৱা ঘটনাই অধিক ৰহস্যৰ সৃষ্টি কৰিছে। বিএড মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে কালি ক্লাচলৈ যোৱা নাছিল বিতোপন। সেয়েহে বাগমাটিলৈ কিয় গৈছিল বা কাৰ সৈতে গৈছিল তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে। ইপিনে আজি আৰক্ষী ,বনবিভাগ, এচএচবি,এছডিআৰএফৰ সহযোগত আজি বগামাটি অঞ্চলত সন্ধান চলোৱা হয়। বৰনদীৰ পানীতো সন্ধান চলাই বিতোপনৰ। কিন্তু বৰ্তমানলৈ কোনো সন্ধান পোৱা হোৱা নাই ছাত্ৰজনৰ।

 

ইতিমধ্যে ছাত্ৰজনৰ বাইকখন বগামাটিত উদ্ধাৰ কৰা হৈছে যদিও ছাত্ৰজনৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। সেয়েহে পৰিয়ালটোৱে বৰ্তমান দুশ্চিন্তাত ভুগিব লগা হৈছে। ঘৰৰ পৰা ওলাই যোৱা সময়ত মাটিয়া ৰঙৰ লংপেন্ট আৰু বগা চোলা আৰু লগত কিতাপ বহীৰ বেগ লৈ ওলাই গৈছিল।

ভদ্ৰ আৰু অমায়িক ছাত্ৰজনৰ ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে পৰিয়ালৰ লগতে শিঙিমাৰী গাওঁবাসীক। ছাত্ৰজনৰ কোনো লোকে কিবা সম্ভেদ লাভ কৰিলে ওচৰৰ আৰক্ষী থানাত নতুবা পিতৃৰ মোবাইল নম্বৰ- 9101429990 ত জনাবলৈ অনুৰোধ কৰা হৈছে।

৩/স্থানীয়


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *