Spread the love

 

গোৱালপাৰা জিলাৰ দুধনৈৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত আজি সন্ধিয়া তামুলপুৰ জিলা এবছুৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

 

 

এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মুল অভিযুক্ত ধন আলী, বাহাৰ আলী, ৰহমান আলীকে ধৰি আন দোষী সকলক ফাঁচি দিয়া, সমগ্ৰ ঘটনাটো ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰা, দুস্কৃতিকাৰীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা হিৰণ্ময়ী খাখলাৰীৰ নিকটাত্মীয়লৈ বিশ লাখ টকাৰ ক্ষতিপূৰণ দিয়া আৰু ধৰ্ষিতালৈ পাঁচ লাখ টকাৰ এককালীন সাহাৰ্য্য দিয়াৰ দাবীত আজি ছাত্ৰ সংগঠনটোৱে তামুলপুৰৰ ৰাজপথত এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়। কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে– এবছু জিন্দাবাদ, হত্যাকাৰীক ফাঁচি দিয়ক, ধৰ্ষণকাৰীক ফাঁচি দিয়ক, জনজাতিৰ ওপৰত আক্ৰমণ নচলিব, জনজাতিৰ ওপৰত আক্ৰমণ কৰা বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে তামুলপুৰৰ আকাশ বতাহ কপাই তোলে। এই প্ৰতিবাদী কাৰ্যসূচীটো তামুলপুৰৰ মটঙাচ’কত আৰম্ভ কৰি ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথেৰে ঘগ্ৰাচ’কলৈ যায় আৰু ঘগ্ৰাচ’কৰ পৰা উভতি আহি মটঙাচ’কত সামৰণি মাৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *