Spread the love

[ad_1]

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ গোলাপ হুছেইনৰ ঘৰত কান্দোনৰ ৰোল। কৰ্তব্যৰত অৱস্থাতেই মৃত্যু হৈছিল চিআৰপিএফ জোৱান গোলাপ হুছেইনৰ।

উল্লেখযোগ্য যে গোলাপ হুছেইন চিআৰপিএফৰ বি/১৪২ গোলাঘাট বেটেলিয়নত কৰ্মৰত আছিল। যোৱা মঙলবাৰে দিনৰ প্ৰায় দুই বজাত গোলাঘাটস্থিত বি/১৪২ নং চিআৰপিএফ বেটেলিয়নৰ বিষয়ববীয়াই গোলাপৰ পৰিয়ালক জানিবলৈ দিছিল যে নিজৰ ছাৰ্ভিছ বন্দুকৰ গুলিত আত্মহনন কৰে গোলাপে।

এই খবৰ শুনাৰ লগে পৰিয়ালৰ লোকৰ মাজৰ হুৱাদুৱা লাগে। উল্লেখযোগ্য যে দহ দিন মান ছুটীত ঘৰত থকাৰ পাছত দেওবাৰে গোলাঘাটৰ উৰিয়ামঘাটৰ কেম্পলৈ গৈছিল গোলাপ । এই মৃত্যুক পৰিয়ালৰ লোক আৰু গাওঁবাসীয়ে সহজভাৱে মানি ল’ব পৰা নাই।

মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত বৃহস্পতিবাৰে নিশা তিনি বজাত হাউলী চিআৰপিএফে জৰিয়তে মৃতদেহ পাকাবেতবাৰীৰ বাসগৃহত লৈ আহে। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত শুকুৰবাৰে পুৱা শোকাকুল পৰিৱেশত তেওঁৰ জানাজা সম্পন্ন হয় ।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed