Spread the love

ছয় সন্তানৰ পিতৃয়ে পলুৱাই নিলে নাবালিকাক ।

তামুলপুৰ জিলাৰ সাপকাটা গাঁৱত কৰ্মসূত্ৰে থকা বঙাইগাঁও জিলাৰ আজিবুৰ ৰহমান নামৰ এগৰাকী লোকে ফুচুলাই পলুৱাই নিয়ে এগৰাকী নাবালিকাক। জানিব পৰা মতে আজিবুৰৰ পূৰ্বৰে আছে দুগৰাকী পত্নী । আজিবুৰে তামুলপুৰৰ সাপকাটা গাঁৱত এমাহ মান আগতে কামৰ সন্ধানত আহিছিল । কিন্তু আজিবুৰে তামুলপুৰত মিস্ত্ৰী হিচাপে কাম কৰাৰ পিছত সাপকাটা গাঁৱৰে এগৰাকী নাবালিকাক ফুচুলাই যোৱা ৰবিবাৰে অন্তৰ্ধান হয়।

নাবালিকা গৰাকী অন্তৰ্ধান হোৱাত পৰিয়ালৰ লোকে লগে লগে তামুলপুৰ থানাত এজাহাৰ দিয়ে। পৰিয়াল তথা আদিবাসী ছাত্ৰ সন্থাৰ অভিযোগ নাবালিকা গৰাকী অন্তৰ্ধান হোৱাৰ কেইবাদিনো হোৱাৰ পিছতো তামুলপুৰ আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। নাবিলিকা গৰাকীক পলুৱাই নিয়া আজিবুৰৰ পূৰ্বৰ দুগৰাকী পত্নীৰ আছে ছয় সন্তান। বৰ্তমান আদিবাসী ছাত্ৰ সন্থাই আৰক্ষী প্ৰশাসনক ৪৮ ঘণ্টাৰ ভিতৰত নাবালিকা গৰাকীক উদ্ধাৰৰ দাবী জনোৱাৰ লগতে দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। অন্যথা অনাগত সময়ত আদিবাসী ছাত্ৰ সন্থাই তামুলপুৰ জিলা বন্ধ দিয়াৰ দৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমক জনাই ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *