Spread the love

ছিপাঝাৰ হলীমেৰী ইন্টাৰনেছনেল স্কুলৰ বাৰ্ষিক অধিবেশন আৰু সাংস্কৃতিক কাৰ্যসূচী সম্পন্ন

২০১৯ চনতে স্থাপন হোৱা ইংৰাজী মাধ্যমৰ আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়খনে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক অধিবেশন আৰু সাংস্কৃতিক অনুষ্ঠিত সম্পন্ন হয় । বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মনত সাংস্কৃতিক দায়বদ্ধতা আৰু বিকাশৰ মাধ্যম হিচাপে আয়োজিত হোৱা কাৰ্যসূচীত অংশ লয় ছাত্ৰ-ছাত্ৰীসকলে । আনহাতে গুণগত শিক্ষা , অত্যাধুনিক শিকণ ব্যৱস্থা , নব্য চিন্তাধাৰা তথা ডিজিটেল পদ্ধতিৰে শিক্ষা দান কৰি অহা বিদ্যালয়খনে
বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ লগত সংগতি ৰাখি কন কন ছাত্ৰী সকলৰ অভিভাবক সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । ছিপাঝাৰৰ দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ সাংস্কৃতিক মঞ্চত আয়োজিত কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰে বিভিন্ন নৃত্য আৰু গীতৰ। সতী জয়মতীৰ আত্মত্যাগৰ আধাৰত প্ৰদৰ্শন কৰা হয় এখন চুটি নাটিকাৰ । অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় যাদু সম্ৰাট বিক্ৰমৰ চিত্তাকৰ্ষক যাদু। আনহাতে আমন্ত্ৰিত কণ্ঠশিল্পী ৰিকি তৃষাই পৰিবেশন কৰে কেইবাটাও জনপ্ৰিয় গীত। অভিভাৱক আৰু স্থানীয় ৰাইজৰ সহযোগত,শিক্ষক ইকবাল ৰছিদ হাজৰিকাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰি মুকলি কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰী অধ্যাপক ড° ৰামচন্দ্ৰ ডেকাই । একেদৰে অনুষ্ঠানত ছিপাঝাৰ মিলন সংঘৰ সভাপতি ,সমাজকৰ্মী শৰৎ কলিতা,সাংস্কৃতিক কৰ্মী অতুল চহৰীয়া,অভিনেত্ৰী অৰুন্ধতী শৰ্মা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি সম্বৰ্ধনা জ্ঞাপন কৰে ছিপাঝাৰ হলীমেৰী ইন্টাৰনেছনেল স্কুল কতৃপক্ষই ।

 

ছিপাঝাৰৰ পৰা
পৰশমণি হাজৰিকা


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed