Spread the love

[ad_1]

ৰাজ্যত ৰাজনৈতিক পৰিৱৰ্তন কৰিবলৈ সাজু হৈছে আম আদমি পাট, চমুকৈ আপ। ‘বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনক শাসনৰ পৰা গাদীচ্যুত কৰাৰ ক্ষমতা আছে ৰাইজৰ হাতত।

আগন্তুক ২০২৪ ৰ নিৰ্বাচন হ’ল দেশৰ সংবিধান, গণতন্ত্ৰ ৰক্ষাৰ যুজ। বৰ্তমান দেশত বিজেপি চৰকাৰে ঘৃণা আৰু সাম্প্ৰদাষিক বিষবাষ্প বিয়পাই, আদানিৰ দৰে পুঁজিপতি হৈ কাম কৰি দেশখন ধ্বংসৰ মুখলৈ লৈ গৈছে। আজি গুৱাহাটীৰ প্ৰাগজ্যোতি আইটিএ কেন্দ্ৰত অনুষ্ঠিত আপৰ ‘নেতৃত্ব বিকাশ সন্মিলন’ত দলটোৰে সহস্ৰাধিক কৰ্মীৰ সন্মুখত উদাত্ত ভাষণেৰে বিজেপি চৰকাৰৰ তুলা-ধূনা দিয়ে সাংসদ তথা বিৰোধী ইণ্ডিয়া গোটৰ সদস্য সঞ্জয় সিঙে।

অসমবাসীয়ে যাকেই সুযোগ দিছে সিয়েই ঠগিছে বুলি ভাষণ প্রসংগত উল্লেখ কৰি সঞ্জয় সিঙে কয় যে প্রথমে অসম গণ পৰিষদে সুদীৰ্ঘ কাল অসমত শাসন চলালে। পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছে ১৫ বছৰ আৰু বৰ্তমান বিজেপি চৰকাৰে ৭ বছৰ ক্ষমতাৰ গাদীত বহি আছে। ইয়াৰ বিনিময়ত কোনোৱে অসমৰ জ্বলন্ত সমস্যা সমূহৰ সমাধানৰ বাবে কাম কৰা নাই। কেৱল ৰাজনৈতিকভাৱে সুবিধা ল’ব পৰাসকলেহে নিজৰ স্বাৰ্থৰ হকে কাম কৰিছে। দিল্লী আৰু পাঞ্জাৱত আপৰ চৰকাৰে কেৱল ৰাইজৰ বিকাশৰ বাবেহে কাম কৰি আহিছে বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় যে দিল্লীত প্রথম ১০ বছৰত ভাল কাম কৰাৰ বাবে দিল্লীবাসীয়ে তৃতীয়বাৰৰ বাবে আপক ক্ষমতাত বহুৱালে। পাঞ্জাৱৰ জনসাধাৰণেও কংগ্ৰেছ আৰু বিজেপিক প্রত্যাখান কৰি আপৰ চৰকাৰ গঠন কৰিলে।

মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ চৰকাৰে যোৱা এবছৰ জনসাধাৰণৰ কল্যাণৰ হকে যিমান কাম কৰিছে সেয়া সকলোৱে দেখিছে। অসমবাসীয়েও যদি আপক কাম কৰাৰ সুযোগ দিয়ে তেন্তে অসমবাসীৰ হকে দিল্লীৰ দৰে উন্নতমানৰ শিক্ষা, স্বাস্থ্য সেৱা, বিনামূলীয়া বিজুলী, খোৱা পানী, যাতায়তৰ সুবিধা আদি ৰাইজৰ হকে কাম কৰিবলৈ আপ সাজু বুলি আশ্বাস দিয়ে সাংসদ গৰাকীয়ে। 

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰি সঞ্জয় সিঙে কয় যে অসম চৰকাৰে কৰৰ চেপা আৰু  মূল্যবৃদ্ধিৰে ৰাইজৰ ওপৰত লুণ্ঠন চলাই আহিছে। অত্যাধিক খ৷ণেৰে ৰাজ্যখনৰ অর্থনীতি তললৈ লৈ গৈছে। অসমত বৰ্তমান  ছিণ্ডিকেটৰ চৰকাৰ চলি আছে বুলি উল্লেখ কৰি কয় যে চুপাৰি চিণ্ডিকেট, কয়লা ছিণ্ডিকেটে ছানি ধৰিলে অসম। বিগত সময়ছোৱাত  দিল্লী, পাঞ্জাৱ ৰাজ্য দুখনত উন্নত মানৰ শিক্ষা, স্বাস্থ্য, নিবনুৱা সমস্যা সমাধান, বিনামুলীয়া বিজুলী, পানী, কৰ ৰেহাই আদিৰে সকলো দিশৰে বিকাশৰ পথত আগুৱাই গ’ল। কিন্তু অসমৰ ক্ষেত্ৰত কোনো বিকাশ নহ’ল বুলি কয় সাংসদ গৰাকীয়ে। অসমত দলটোৱে আগন্তুক পঞ্চায়ত, বিধানসভা আদি সকলো নিৰ্বাচনতে অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰি সাংসদ গৰাকীয়ে দলটোৰ কৰ্মকৰ্তা, বিষয়ববীয়া সকলোকে পূৰ্ণ শক্তিৰে কাম কৰি যাবলৈ আহ্বান জনায়।

আজিৰ সন্মিলনত আপৰ উত্তৰ-পূৱৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ভাষণ প্রদান কৰে। আনহাতে সভাৰ আৰম্ভণিতে দলটোৰ প্রতিনিধি সকলে সাংসদ গৰাকীক গুৱাহাটী বিমান বন্দৰ আৰু সন্মিলনৰ আৰম্ভণিতে বিপুল সম্বৰ্ধনা জনায়।

 

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *