Spread the love

টংলাত দাপোন দ্যা মিৰ’ৰত থিয়েটাৰ/নাট্যকৰ্মশালাৰ আৰম্ভণি ।

প্ৰশিক্ষণ দিবলৈ পোন প্ৰথমবাৰৰ বাবে USA ৰ পৰা আহি অসমৰ টংলাত উপস্থিত প্ৰশিক্ষক ।

 

টংলাৰ আমাৰ গাঁৱৰ দাপোন দ্যা মিৰ’ৰত ২৩ দিনীয়া থিয়েটাৰ/ নাট্য কৰ্মশালাৰ প্ৰশিক্ষণৰ আৰম্ভণি।*

 

*অসমৰ নাট্য জগতৰ জনপ্ৰিয় তথা NSD প্ৰশিক্ষণ প্ৰাপ্ত যুৱ অভিনেতা টংলা নিৱাসী পৱিত্ৰ ৰাভাৰ আমাৰ গাঁৱত দাপোন দ্যা মিৰ’ৰত থিয়েটাৰ ওৱৰ্কচপ তথা নাট্য কৰ্মশালাৰ আৰম্ভ ।*

 

*ওদালগুৰি জিলাৰ টংলাৰ দাপোন দ্যা মিৰৰত আৰম্ভ হোৱা থিয়েটাৰ ওৱৰ্কচপত জিলাখনৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২৫ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।*

 

*ছাত্র-ছাত্ৰীক শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ অৰ্থে ১৮ বছৰ উৰ্ধৰ লোকৰ বাবে ২৩ দিনীয়া থিয়েটাৰ ওৱৰ্কচপ ১৯ মে’ত সামৰণি পৰিব , ৱৰ্কচপত মুখ্য প্ৰশিক্ষক হিচাপে ইউ এছ এৰ হাৱাইৰ দানিয়েল এ কেলিনে উপস্থিত থাকে।*

 

*ইউ.এছ.এ. ৰ পৰা প্ৰশিক্ষণ দিবলৈ পোন প্ৰথমবাৰৰ বাবে অসমৰ টংলাত উপস্থিত হৈ দ্যানিয়েল কেলিনে টংলা চহৰৰ পৰিৱেশত আপ্লুত হৈ ভূয়সী প্ৰশংসা কৰাৰ লগতে কয় যে টংলা হৈছে শান্তিপ্ৰিয় আনন্দময় ঠাই এই অঞ্চলৰ ব্যক্তি সকলৰ আচাৰ-ব্যৱহাৰ সুন্দৰ কলিকতা, মুম্বাইৰ দৰে সুন্দৰ ব্যৱসায় কেন্দ্ৰীক অঞ্চল , টংলাত উপস্থিত হৈ এক নতুন অভিজ্ঞতা হৈছে বুলি সাংবাদিকৰ ওচৰত মন্তব্য কৰে ।*

 

*উক্ত ওৱৰ্কচপত বিদ্যালয়ৰ শিক্ষক সকলৰ বাবে নমনীয় শ্ৰেণীকোঠা তৈয়াৰ কৰাৰ বাবে বিশেষ শিক্ষাবিজ্ঞানৰ সন্দৰ্ভত জ্ঞান আহৰণ কৰিব পাৰিব বুলি দাপোন দ্যা মিৰৰ কেম্প পৰিচালক পবিত্ৰ ৰাভাই জানিবলৈ দিয়ে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *