Spread the love

টিকটবিহীন যাত্ৰীসকলৰ বিৰুদ্ধে বিশেষ অভিযান

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ৬৬.২৭ কোটি টকা অৰ্জন

মালিগাওঁ, ২০ মে, ২০২৪:

উত্তৰ পূব সীমান্ত ৰেলৱেই সকলো প্ৰকৃত যাত্ৰীৰ বাবে বিৰক্তিমুক্ত, আৰামদায়ক ভ্ৰমণ আৰু উন্নত সেৱা
নিশ্চিত কৰাৰ বাবে নিয়মিতভাৱে ব্যাপক টিকট পৰীক্ষণ অভিযান চলাই আহিছে। প্ৰকৃত যাত্ৰীসকলৰ অসুবিধা
সৃষ্টিকাৰী এনে কাৰ্যকলাপক নিৰুৎসাহিত কৰিবলৈ টিকটবিহীন আৰু অনিয়মীয়া যাত্ৰীৰ বিৰুদ্ধে অবিৰত তালাচী চলোৱা
হয়। চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিল, ২০২৪ ৰ পৰা ১৯ মে, ২০২৪ লৈকে এনে অভিযানৰ পৰিণামস্বৰূপে টিকটবিহীন
যাত্ৰীসকলৰ পৰা ১০.৬৫ কোটি টকাৰো অধিক পৰিমাণৰ ধন সংগ্রহ কৰা হয়।

ইয়াতেই উল্লেখ কৰিব পাৰি যে এপ্ৰিল, ২০২৩ ৰ পৰা মাৰ্চ, ২০২৪ মাহ পৰ্যন্ত চলোৱা অভিযানৰ পৰিণাম
স্বৰূপে ৭৯৩১৭০ টা টিকটবিহীন/অনিয়মীয়া টিকটত ভ্ৰমণ কৰা যাত্ৰীৰ ঘটনা ধৰা পৰে যাৰ ফলত অপৰাধীৰ পৰা
ভাড়া আৰু জৰিমনা প্ৰাপ্ত কৰাৰ বাবদ ৬৬.২৭ কোটি টকাৰো অধিক ধন উপাৰ্জন কৰা হয়। পূৰ্বৱৰ্তী বিত্তীয় বৰ্ষ
২০২২-২০২৩ ৰ সময়চোৱাত ৭৭৮৮০৮ টা ঘটনা চিনাক্ত কৰা হয় আৰু এইসমূহৰ পৰা ৬২.৯৮ কোটি টকা
উপাৰ্জন কৰা হৈছিল। বিত্তীয় বৰ্ষ ২০২৩-২৪ ত, তুলনামূলকভাৱে ১৪৩৬২ টা অধিক ঘটনাৰ চিনাক্ত কৰা হয় যাৰ
পৰিণামস্বৰূপে অপৰাধীৰ পৰা জৰিমনা আৰু ভাড়া আদায় হিচাবে ৫.২৩% ৰো অধিক উপাৰ্জন হয়।
সঠিক টিকট অবিহনে বা অনুমোদিত দূৰত্বৰ বাহিৰত ভ্ৰমণ কৰিলে অতিৰিক্ত মাচুল আৰু ভাড়া আদায় দিব
লগা হব পাৰে। যদি এজন যাত্ৰীয়ে এই অতিৰিক্ত ধন পৰিশোধ কৰাত বিফল হয় বা দাবী অনুসাৰে সেই পৰিশোধ
কৰিবলৈ অস্বীকাৰ কৰে, তেন্তে তেওঁ উক্ত পৰিশোধ প্ৰদান নকৰাৰ বাবে ৰে'লৱে আইন, ১৯৮৯-ৰ সংশ্লিষ্ট ধাৰাৰ
অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱা হ'ব।
উত্তৰ পূব সীমান্ত ৰেলৱেই সাধাৰণ ৰাইজক সঠিক আৰু বৈধ টিকটৰ সৈতে ভ্ৰমণ কৰিবলৈ আৰু কোনো
অসুবিধাৰ সন্মুখীন নহ'বলৈ বৈধ পৰিচয় পত্ৰ লগত নিবলৈ আবেদন জনাইছে। এতিয়া যাত্ৰীসকলে তেওঁলোকৰ স্মাৰ্ট
ফোনত অসংৰক্ষিত টিকেটিং চিষ্টেম (ইউটিএছ) মোবাইল এপ্লিকেচনৰ জৰিয়তে দেশৰ এটা প্ৰান্তৰ পৰা আন এটা
প্ৰান্তলৈ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত অসংৰক্ষিত টিকট ক্ৰয় কৰিব পাৰিব। ইউটিএছ এপ্লিকেচনটো এণ্ড্ৰইড আৰু এপল এপ্প-ষ্ট'ৰ
দুয়োটাৰ পৰা ডাউনলোড কৰিব পাৰিব।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *