Spread the love

ডিগবৈ দিল্লী পাব্লিক স্কুলৰ প্ৰথম মহলাৰ পৰা জাঁপ দি ছাত্ৰী আহত।ডিগবৈ দিল্লী পাব্লিক স্কুলত আৰক্ষী – তদন্তকাৰী দ’লৰ তদন্ত।

🔴অসম অইল সংমণ্ডলৰ দ্বাৰা পৰিচালিত দিল্লী পাব্লিক স্কুলৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী বিদ্যালয়ৰ প্ৰথম মহিলা পৰি গুৰুত্বৰ ভাৱে আহত হোৱাত চাবুৱাৰ ৰেফাৰেল হাস্পাতাল আৰু ৰিচাৰ্ছ চেণ্টাৰত চিকিৎসাধীন। সম্প্ৰতি সংকত জনক অৱস্থাত আই চি ইউ(I C U) ভৰ্তি।

 

🔴 ডিগবৈ পাৱৈ চাহ বাগিচাৰ চিকিৎসক তথা ছাত্ৰী গৰাকীৰ পিতৃ ডা: দিগন্ত সোনোৱালৰ পৰিয়ালটোৱে ঘটনাৰ উচিত তদন্ত দাবী কৰি ডিগবৈ থানাত এজাহাৰ দিয়াত শিশু নিৰ্যাতন প্ৰতিৰোধ আইনৰ অধীনত ৭২/২০২৪ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত চলাইছে। ইপিনে ছাত্ৰী গৰাকীৰ পিতৃ ডা: দিগন্ত সোনোৱালে বিদ্যালয়ৰখনৰ তদন্তকাৰী শিক্ষয়িত্ৰী গৰাকীৰ বিষয়ে বিস্ফোৰক মন্তব্য আগবঢ়াইছে।

🔴তিনিচুকীয়া জিলা শিশু সুৰক্ষা বিভাগৰ বেদান্ত কলিতা আৰু শিশু কল্যাণ সমিতিৰ মোহন শৰ্মাসহ তিনিজনীয়া এটা দলে বিদ্যালয়ত উপস্থিত হৈ বহু সময় ধৰি ঘটনাৰ সন্দৰ্ভত তদন্ত চলাই।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *