Spread the love

ডিব্ৰুগড় ৱৰ্কশ্বপত নতুন হাই স্পীড কেৰিয়াৰ কোচৰ নিৰ্মাণ

 

 

মালিগাওঁ, ৪ জুন, ২০২৪:

উত্তৰ পূব সীমান্ত ৰে’লৱেই এই সংমণ্ডলৰ ডিব্ৰুগড় ৱৰ্কশ্বপত পুৰণি জিএছচিএন ডবাৰ পৰা অটোমোবাইল বিশেষকৈ দুচকীয়া বাহনৰ লোডিং/আনলোডিঙৰ বাবে কাষত এখন দুৱাৰ থকা কেইটামান নিউ হাই স্পীড অটোমোবাইল কেৰিয়াৰ (এনএমজিএইচএছ) ডবা নিৰ্মাণ কৰি উলিয়াইছে। ৰে’লৱে ব’ৰ্ডৰ পৰা অনুমোদন লাভ কৰাৰ পিছত কম সময়সীমাৰ ভিতৰত তিনিটা এনএমজিএইচএছ ডবা নিৰ্মাণ কৰা হয়। আন তিনিটা ডবাৰ উৎপাদন নিৰ্মাণাধীন অৱস্থাত আছে। ভাৰতীয় ৰে’লৱেত প্ৰথমবাৰৰ বাবে, অটোমোবাইল লোডিঙৰ দিশত এই ডবাসমূহ পৰম্পৰাগত ধৰণৰ মালবাহী ডবাসমূহতকৈ একাধিক উন্নত বৈশিষ্ট্যৰ সৈতে, যেনে উন্নত গতিবেগ আৰু অধিক লোডিং ক্ষমতা যোগ্যৰ সৈতে প্ৰৱৰ্তন কৰা হৈ আছে।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা অব্যৱহৃত যাত্ৰীবাহী ডবাৰ পৰা বিকশিত কৰা এনএমজিএইচএছ ডবাসমূহ অটোমোবাইল নিৰ্মাতাসকলৰ সৈতে আলোচনাৰ মাধ্যমেৰে ৰিচাৰ্চ ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেচন (আৰডিএছও)ৰ দ্বাৰা ডিজাইন কৰা হৈছে। ডিব্ৰুগড় কৰ্মশালাৰ দ্বাৰা পূৰ্বতে ১২ টন কঢ়িয়াই নিয়া ক্ষমতাৰ পৰম্পৰাগত মালবাহী ডবাৰ তুলনাত ১৮ টন বহন ক্ষমতাৰে মুঠ তিনিটা ডবা নিৰ্মাণ কৰা হৈছে। নতুনকৈ ডিজাইন কৰা এনএমজিএইচএছ কোচৰ সম্ভাৱ্য গতিবেগ হৈছে প্ৰতি ঘণ্টাত ১১০ কিলোমিটাৰ আৰু লগতে অন্যান্য বিভিন্ন উন্নত সুবিধা যেনে ৱাইডাৰ অপেনিং, প্ৰাকৃতিক পাইপ লাইট, পেভমেন্ট মাৰ্কাৰ আৰু লগতে নিৰ্দেশনাৰ বাবে ৰেট্ৰো ৰিফ্লেক্টিভ টেপ, চেকাৰ্ড শ্বীটৰ সৈতে শক্তিশালী মজিয়া, সুগম প্ৰৱেশৰ বাবে উন্নত ফল প্লেট ব্যৱস্থা আৰু লগতে লকিং সুগমতাৰ বাবে বেৰেল লকৰ সৈতে উন্নীতকৰণ কৰা এণ্ড ডোৰ ডিজাইন ইয়াত অন্তৰ্ভূক্ত আছে। এই নতুন ডবাসমূহ এনেদৰে ডিজাইন কৰা হৈছে যাতে চাৰিচকীয়া বাহনৰ অটোম’বাইলৰ দুৱাৰবোৰো কোচৰ ভিতৰত কোনো ক্ষয় ক্ষতি নোহোৱাকৈ সহজেই খুলিব পৰা যায়। এই নতুন মডেলৰ ডবাসমূহত পেকেটযুক্ত সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে পাৰ্চেল ভেন হিচাপেও ব্যৱহাৰ কৰিব পাৰিব।

ইয়াত মন কৰিবলগীয়া যে, ভাৰতীয় ৰে’লৱে পথ পৰিবহণৰ তুলনাত সুলভ, দ্ৰুত আৰু পৰিৱেশ অনুকূল বিকল্পৰ বাবে অটোম’বাইল নিৰ্মাতাসকলৰ বাবে পৰিবহণৰ এক পছন্দৰ মাধ্যম হিচাপে পৰিগণিত হৈছে। বিভিন্ন ধৰণৰ অটোমোবাইল নিৰ্মাণ কাৰখানাৰ পৰা উত্তৰ-পূৰ্ব্বাঞ্চলৰ সকলো ৰাজ্যসমূহলৈ ৰেলপথৰ জৰিয়তে বৰ্তমান পোনপটীয়াকৈ বহু কম খৰচত পৰিবহনৰ ফলস্বৰূপে জনসাধাৰণ যথেষ্ট লাভান্বিত হৈছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *